গুজৰাটৰ আমৰেলী চহৰৰ দুখন শ্মশানৰ ভিতৰত এখন হৈছে কৈলাশ মুক্তি ধাম। কৈলাশ মুক্তি ধামৰ প্ৰসংগ উত্থাপন কৰাৰ কাৰণ হৈছে গুজৰাটৰ অনিয়ন্ত্ৰিত ক'ভিড পৰিস্থিতি। লোৰ গ্ৰীলৰ চেপাৰ মাজত সজা চিতাৰ জুইয়ে পোহৰাই তুলিছে শ্মশানখন। জুইত গলি শেষ হৈছে এটাৰ পিছত আনটো মৃতদেহ। কৈলাশধামত বিৰামহীন ভাৱে মাথোঁ জ্বলি ৰৈছে এখনৰ পিছত সিখন চিতা।
শ্মশানত স্বেচ্ছাসেৱী ৰুপে কৰ্মৰত এজন লোক মাগানভাই। মাগানভাইয়ে কোৱা অনুসৰি, "এমাহ ধৰি প্ৰতিদিনেই ২৪ ঘণ্টাই তাত চিতা জ্বলি আছে।" ২০২১ চনৰ এপ্ৰিল আৰু মে মাহত ক'ভিড-১৯ ৰ বৃদ্ধিয়ে চহৰখনক ধ্বংসাৱশেষত পৰিণত কৰে। প্ৰতিদিনেই প্ৰতিমুহূৰ্ততেই জ্বলি থকা চিতাসমূহৰ বাবেই শেষত কাঠৰ যোগান শ্মশানত শেষ হৈ আহে যাৰ বাবে শ্মশানৰ স্বেচ্ছাসেৱকসকলে স্থানীয় বাতৰি কাকতত কাঠ বিচাৰি বিজ্ঞাপন দিব লগা হয়। সেই স্বেচ্ছাসেৱকৰ 20 জনীয়া দলটোৰ তিনিজন সদস্যই ক'ভিড-১৯ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লয়।
মাত্ৰ দুমাহৰ ভিতৰতে, আমৰেলী চহৰৰ দুয়োটা শ্মশানত প্ৰায় ১,১৬১ টা সংকাৰ কাৰ্য সম্পন্ন হৈছে। তাৰে কিছুসংখ্যক মৃতদেহ সৎকাৰৰ বাবে গাৱঁলৈ পঠিয়াব লগাও হৈছে কিয়নো শ্মশানৰ সংকাৰ কৰিব পৰা ঠাই আৰু কাঠ এই সমূহ প্ৰয়োজনীয় সামগ্ৰীও কমি আহিছে তথাপিও পাৰ্যমানে সৰ্বাধিক দেহ শ্মশানতে সৎকাৰ কৰা হৈছে। বাকী যিসমূহ মৃতদেহ তাত সৎকাৰ সম্ভৱ হোৱা নাছিল সেই মৃতদেহসমূহ চুবুৰীয়া গাঁৱলৈ প্ৰেৰণ কৰা হৈছে লগতে তাৰে স্থানীয় মুছলমান কবৰস্থানতো, প্ৰায় ১০০ টা মৃতদেহ সমাধিস্থ কৰা হৈছে। কভিডত মৃতকৰ পৰিসংখ্যা ইমানেই বেছি যে কবৰস্থানতো মাটিৰ মুভাৰসকলক কবৰ খনন কৰিবলৈ মাতি আনিব লগা হ'ল।
দ্বিতীয় ক'ভিড ১৯ ঢৌৱেও গুজৰাটৰ প্ৰতিখন চহৰকে চুই গৈছে। ভাৰতৰ বাকী অংশৰ দৰে, গুজৰাটৰো বহুলোক মৃত্যুৰ মুখত পৰিছে। গুজৰাট উচ্চ ন্যায়ালয়ে মৃতকৰ সঠিক তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই চৰকাৰে দাবী কৰে, ২০২০ চনত আৰম্ভ হোৱা ক'ভিড মহামাৰীৰ দুটা ঢৌৰ সময়ত গুজৰাটত কেৱল মাত্ৰ ১০,০৭৫ জন লোকৰহে মৃত্যু হৈছে। একেই উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰো। তেওঁ কয় যে গুজৰাটে "ক'ভিড সংকট ভালদৰে পৰিচালনা কৰিছে।"
বেচৰকাৰী ৰেকৰ্ডৰ পৰা পোৱা তথ্যই প্ৰমাণ কৰে যে ৰাজ্যখনে মৃত্যুৰ পৰিসংখ্যা আৰু ধ্বংসাৱশেষৰ পৰিমাণক এখন ডাঠ কফিনৰ আৱৰণেৰে চৰকাৰে ঢাকিবলৈ চেষ্টা কৰিছে।
ৰিপ'ৰ্টাৰ্ছ কালেক্টিভে ৰাজ্যখনৰ ১৭০ খন পৌৰসভাৰ ৬৮ খনৰ পৰা মৃত্যু পঞ্জীৰ প্ৰতিলিপি লাভ কৰিছে। এই পঞ্জীবোৰত প্ৰথমে পঞ্জীয়ক বিষয়াসকলে মৃত্যু আৰু মৃতকৰ বিৱৰণ লিপিবদ্ধ কৰে। আমি জানুৱাৰী ২০১৯ ৰ পৰা এপ্ৰিল ২০২১ৰ ভিতৰত হাতে লিখা ভৰ্তি পঞ্জীৰ প্ৰতিলিপি সংগ্ৰহ কৰিছো। যিসমূহ কেইবা হেজাৰো পৃষ্ঠা হ'ব।
মৃত্যু পঞ্জীৰ বিশ্লেষণে দেখুৱাইছে যে গুজৰাটৰ ৬৮ খন পৌৰসভাত, ২০১৯ চনৰ মাৰ্চ মাহৰ পৰা এপ্ৰিল ২০২১ ৰ ভিতৰত ১৬,৮৯২ জনতকৈও অধিক লোকৰ ক'ৰণাত মৃত্যু হৈছে। মহামাৰীৰ পূৰ্বে ৰাজ্যখনৰ মুঠ জনসংখ্যা আছিল৬.০৩ কোটি। ৬৮ খন পৌৰসভাৰ প্ৰায় ৬% লোকৰেই ক'ৰণাত মৃত্যু হোৱা বুলি পৰিসংখ্যাই কয়। সমগ্ৰ মহামাৰীৰ ফলত গুজৰাটত কমেও ২.৮১ লাখ লোকৰ মৃত্যু হৈছে। গুজৰাটত ক'ভিড-১৯ সম্পৰ্কীয় মৃত্যুৰ সংখ্যা চৰকাৰে দাবী কৰা সংখ্যাৰ ২৭ গুণতকৈও অধিক এই পৰিসংখ্যা।
হাৰ্ভাৰ্ড টি.এইচ.চান স্কুল অৱ পাব্লিক হেল্থৰ এপিডেমিঅ'লজীৰ অধ্যাপক ড. কেৰোলিন বাকীয়ে বিসংগতি পূৰ্ণ তথ্য সম্পৰ্কে কয়, "এই পৌৰসভাবোৰৰ মৃত্যুৰ পঞ্জীয়ণৰ পৰা গম পোৱা যায় যে ইয়াৰ সৈতে সম্পৰ্কিত বিষয়া সকলে দেখুওৱা তথ্যত ক'ভিড-১৯ ত মৃত্যু হোৱা লোকৰ বহু সংখ্যকৰে মৃতকৰ তালিকাত নাম পঞ্জীয়নকৃত হোৱা নাই।
মহামাৰীৰ সময়ত হোৱা মুঠ মৃত্যুক আগৰ স্বাভাৱিক বছৰৰ সৈতে তুলনা কৰি এইয়া ক'ভিডতেই মৃত্যু নহয় বুলি একধৰণৰ সমীক্ষা চৰকাৰে দেখুওৱাব খুজিছে যদিও, বিশেষজ্ঞসকলে এই মৃত্যুবোৰৰ বেছিভাগেই ক'ভিড-১৯ মহামাৰী আৰু ৰাজহুৱা স্বাস্থ্যখণ্ডৰ পঞালগা অবস্থাৰ বাবেই হোৱা বুলি দায়ী কৰে।
গুজৰাটৰ পৌৰসভাৰ তথ্যত অতিৰিক্ত মৃত্যু তথা ক'ভিডত হোৱা মৃত্যুৰ সংখ্যাত গ্ৰাম্য অঞ্চলসমূহ অন্তৰ্ভুক্ত নহয়, যিসমূহ অঞ্চলত চহৰৰ তুলনাত ৰাজহুৱা মুঠ জনসংখ্যাৰ ৫৭% বাস কৰে। মে ২০২১-ৰ মৃতকৰ পৰিসংখ্যা যদি চাওঁ তেন্তে দেখা যায় যে এপ্ৰিলতকৈ অধিক মে মাহত মৃত্যু হৈছে। ইয়াৰে ৬৮ খন পৌৰসভাৰ ভিতৰত মাত্ৰ তিনিখনতহে মে মাহৰ শেষলৈকে তথ্য আছে।
ইয়াৰ পৰা এই কথা পৰিস্ফুত যে কেৱল এপ্ৰিল ২০২১ ত ৰাজ্যখনত ১.৭১ লাখ অতিৰিক্ত মৃত্যু হৈছে। বৰ্তমানলৈকে মে-২০২১ ৰ সংখ্যা জানিব পৰা হোৱা নাই, যিখিনি সময়ত কিন্তু ভাইৰাছৰ সংক্ৰমণ প্ৰকৃততে শীৰ্ষত আছিল।
এই পৌৰসভাসমূহৰ হাজাৰ হাজাৰ পৃষ্ঠাৰ মৃত্যুৰ পঞ্জীয়ন বোৰে চৰকাৰী মিছা তথ্যৰহে প্ৰমান দিয়ে।
২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি ১৭,৫৬,২৬৮ জনসংখ্যাৰ সৌৰাষ্ট্ৰ অঞ্চলৰ এখন জিলা সুৰেন্দ্ৰনগৰৰ কথাই চাওঁ তেন্তে চৰকাৰৰ তথ্য মতে, জিলাখনত মুঠ ১৩ জন লোকৰ ক'ভিড-১৯ জনৰ মৃত্যু হৈছে। কিন্তু মৃত্যু পঞ্জীয়নে দেখুৱাইছে যে জিলাখনৰ জনসংখ্যাৰ প্ৰায় ১৪% থকা এইখন পৌৰসভাৰ অন্তৰ্গত এলেকাত মাৰ্চ আৰু এপ্ৰিল ২০২১ ৰ ভিতৰত মুঠ ১২৩০ জন লোকৰ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে। (গ্ৰাফ চাওক)
স্পষ্ট নিৰ্দেশনা দিয়া স্বত্বেও, দেশত ক'ভিড-১৯ ৰ বেছিভাগ মৃত্যু নথিভুক্ত হোৱা নাই। কিছুমান ক্ষেত্ৰত, অনিয়মীয়া মৃত্যু নিৰীক্ষণেও এই এক ভূমিকা পালন কৰিছে। লণ্ডনৰ মিডলচেক্স বিশ্ববিদ্যালয়ৰ গণিতজ্ঞ মুৰাদ বানাজীয়ে ক'ভিড-১৯ পৰিসংখ্যাক অনুধাৱন কৰি কৈছে,
"এনেকুৱা লাগিছে যে কিছুমান ৰাজ্যৰ চৰকাৰে ক'ভিড-১৯ মৃত্যুৰ সংখ্যা গণনাৰ নিৰ্দেশনাক ইচ্ছাকৃতভাৱে উপেক্ষা কৰি আছে। যেনেদৰে, মৃত্যু পঞ্জীয়ক সমিতিয়ে ক'ভিড-১৯ ত মৃত ৰোগীৰ মৃত্যুক চৰকাৰী গণনাৰ পৰা বাদ দিব পাৰে। গুজৰাটকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা এই সন্দৰ্ভত বাতৰি পোৱা গৈছে," বানাজীয়ে কয়।
ভাৰতত, ৰাজনৈতিক কাৰণত তথ্য গাপ দিয়াৰ লগতে অসম্পূৰ্ণ মৃত্যুৰ পঞ্জীয়ন এই ত্ৰুতিৰ কাৰণ। আৰু পঞ্জীয়নসমূহতো মৃত্যুৰ কোনো সঠিক কাৰণৰ বাখ্যা নাই তাৰ সলনি অনিয়মীয়া শ্ৰেণীবিভাজনৰ ফলত ক'ভিড-সম্পৰ্কীয় মৃত্যু গণনা কৰাটো অসম্ভৱো হৈছে। ক'ভিড-সম্পৰ্কীয় মৃত্যুৰ চৰকাৰী তথ্যত এইসমূহ বেমেজালি দেখা গৈছে। বিশেষজ্ঞসকলে বিশ্বব্যাপী ক'ভিডৰ ফলত হোৱা ধ্বংসৰ স্তৰ বুজিবলৈ 'অতিৰিক্ত মৃত্যু' তথ্যক প্ৰক্সি হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।
ক'ভিড-১৯ ৰ সংক্ৰমণৰ ফলত পোনপটীয়াকৈ হোৱা মৃত্যুৰ উপৰিও, বহুতো অতিৰিক্ত মৃত্যু সংক্ৰমণ বা ক'ভিডৰ পিছৰ ফলাফল যেনে তেজ গোট মৰা, হৃদআক্ৰমণ আৰু হাঁওফাঁওৰ ফাইব্ৰোচিছৰ ফলত হোৱা কোমৰ্বিডিটিৰ ফলত হ'ব পাৰে।
"এইসমূহ দুৰ্যোগৰ হিঁচাপ চৰকাৰী মৃত্যু পঞ্জীয়নত ৰখা হয় , দুৰ্যোগৰ বাবে হোৱা মৃত্যুৰ নথি মৃত্যুৰ প্ৰমাণপত্ৰৰ ওপৰত নিৰ্ভৰ কৰে," ড০ বাকীয়ে কয়।
"এই পঞ্জীয়ন প্ৰণালীটো ত্ৰুটিপূৰ্ণ হ'ব পাৰে। মহামাৰীৰ প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ নিৰ্ণয়ৰ চৰ্তৰ অভাৱ, পৰীক্ষাৰ অভাৱ, ৰাজনৈতিক হস্তক্ষেপ আদিৰ বাবে মৃত্যুবোৰ সঠিকভাৱে এছ এ আৰ এছ-কভ-2-ৰ বাবে দায়ী নহ'ব পাৰে।"
বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ জনগাঁথনিৰ সহকাৰী অধ্যাপক আয়েশা মাহমুদেও এই বিষয়টোক এনেদৰে ব্যাখ্যা কৰে, "মহামাৰীবোৰ দীঘলীয়া ৰাজহুৱা স্বাস্থ্যজৰুৰীকালিন অৱস্থা - যিয়ে কেৱল মৃত্যুৰ প্ৰাদুৰ্ভাৱৰ সৃষ্টি কৰে। কেৱল ৰোগৰ প্ৰভাৱেই পৰে এনে নহয় মহামাৰীয়ে সামাজিক কাৰ্যকলাপৰ ওপৰতো গৰিষ্ঠ সংখ্যক প্ৰভাৱ পেলাই।"
"অতিৰিক্ত মৃত্যুৰ হাৰৰ সঠিক তথ্য দৰাচলতে, চৰকাৰী খণ্ডতকৈ দুৰ্যোগৰ প্ৰভাৱৰ এক নিৰ্ভৰযোগ্য ঘটনা আৰু মৃত্যুৰ ওপৰতহে নিৰ্ণয় কৰিব পাৰি।" বানাজীয়ে কয়।
পৌৰ নিগম পৰ্যায়ৰ মৃত্যু পঞ্জীয়ন তথ্যৰ ওপৰত আধাৰিত কৰি আকলনবোৰ ক্ৰছ-চেক কৰিবলৈ, ৰিপ'ৰ্টাৰ্ছ কালেক্টিভে নগৰীয়া পৌৰসভাৰ লগতে সকলো গ্ৰাম পঞ্চায়তক সামৰি এটা সমগ্ৰ জিলা, বোটাডৰ মৃত্যুৰ পঞ্জীয়ন কৰিছে।
চৰকাৰে দাবী কৰে যে বোটাডত ক'ভিড-১৯ সম্পৰ্কীয় ৰোগৰ ফলত মাত্ৰ ৪২ জন লোকৰ মৃত্যু হৈছিল। কিন্তু মৃত্যুৰ ৰেকৰ্ডে দেখুৱাইছে যে ২০২০ চনৰ মাৰ্চ ৰ পৰা জুন ২০২১ ৰ ভিতৰত জিলাখনত ৩,১১৭ টা অতিৰিক্ত মৃত্যু হৈছিল - চৰকাৰী সংখ্যাতকৈ ৭৪ গুণ বেছি।
মৃতক গণনা কৰা হৈছে
গুজৰাটত কেইবাখনো ৰাজ্যৰ ক'ভিডৰ মৃত্যুৰ গণনাৰ বেমেজালিৰ খৱৰ এটা স্থানীয় সংবাদ মাধ্যমে প্ৰথমে তুলি ধৰে। মহামাৰীৰ দ্বিতীয় ঢৌৰ শীৰ্ষত, শ্মশানৰ তথ্যৰ তুলনাত চৰকাৰী মৃত্যুৰ সংখ্যাত বিসংগতিৰ প্ৰতিবেদনো তেওঁলোকে তথ্যসহ দাঙি ধৰিছে।
পৰৱৰ্তী সময়ত, সংবাদ মাধ্যমসমূহে নাগৰিক পঞ্জীয়ন প্ৰণালীৰ (চিআৰএছ) তথ্যৰ ওপৰত আধাৰিত কৰি অতিৰিক্ত মৃত্যুৰ বিষয়েও প্ৰতিবেদন দিছে, য'ত জন্ম আৰু মৃত্যুৰ ৰেকৰ্ড বোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত একত্ৰিত কৰা হয়। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বিৰোধিতা কৰি দাবী কৰে যে চিআৰএছ আপডেট হ'বলৈ সময় লয়।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৪ আগষ্টত এক প্ৰেছ বিজ্ঞপ্তিত কয়, "চি.আৰ.এছ.-য়ে ডাটা সংগ্ৰহ, পৰিষ্কাৰ কৰা, একত্ৰিত কৰা আৰু সংখ্যাবোৰ প্ৰকাশ কৰাৰ এক প্ৰক্ৰিয়া অনুসৰণ কৰে। যিটো যদিও এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া, কিন্তু ই নিশ্চিত কৰে যে কোনো মৃত্যু এই পঞ্জীয়নত বাদ নপৰে। কাৰ্যকলাপৰ বিস্তাৰ আৰু প্ৰসাৰৰ বাবে, সংখ্যাবোৰ সাধাৰণতে পৰৱৰ্তী বছৰত প্ৰকাশ কৰা হয়।"
মৃত্যু পঞ্জীয়ক বিষয়াসকলে মৃত্যুৰ সংখ্যা সংগ্ৰহ,আৰু মৃত্যু কাৰণ বিশ্লেষণ কৰি তিনি মাহ জোৰা পঞ্জীয়নৰ ফলত তথ্যসমূহ একত্ৰিত কৰে।আৰু এই পঞ্জীয়কৰ পৰাই চিআৰএছে সমূহ তথ্য আহৰণ কৰে।
গুজৰাটত, ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ ২০১৯-২০২০ অনুসৰি, ৯৩% মৃত্যুৰেই পঞ্জীয়ন কৰা হৈছে। বিভিন্ন কাৰণত ৭ শতাংশ হে মাত্ৰ ৰেকৰ্ড কৰা হোৱা নাই। যিহেতু মানুহে পৰিয়ালত মৃত্যুৰ প্ৰতিবেদন দিবলৈ কিছু সময় লয়, মৃত্যু পঞ্জীয়নত মৃত্যুৰ তাৰিখ আৰু লগতে মৃত্যুপঞ্জীয়নৰ তাৰিখো লিপিবদ্ধ কৰা হয়।
A page from Khedbrama municipality’s death register.
Credits: Shreegireesh Jalihal/The Reporters’ Collective
এই তথ্য পৌৰসভা (নগৰঅঞ্চলত) আৰু গ্ৰাম পঞ্চায়তৰ (গ্ৰাম্য জনসংখ্যাৰ বাবে) পৰা জিলা সদৰলৈ য'ত ইয়াক ৰাজ্যিক পৰ্যায়ৰ ছবি প্ৰদান কৰিবলৈ কম্পিউটাৰত চিআৰএছ-ত আপডেট কৰা হয়। কিন্তু ৰাজ্যখনৰ সকলো পঞ্জীয়ন হ'বলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত কিছু সময়ৰ প্ৰয়োজন। যি কিন্তু ৰাজনৈতিকভাৱে শাসকীয় নেতাসকলৰ বাবে এক সুবিধাজনক অজুহাত। ইফালে চৰকাৰী নিৰ্দেশনা যে মহামাৰীৰ ফলত হোৱা অতিৰিক্ত মৃত্যুৰ বিশেষজ্ঞসকলৰ দ্বাৰা স্বতন্ত্ৰ বিশ্লেষণ স্থগিত ৰাখিব লাগে।
"যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকৃত তথ্য প্ৰতিফলিত কৰিবলৈ চিআৰএছ-ৰ বাবে দুবছৰলৈকে সময় লাগিব পাৰে, পৌৰসভাৰ মৃত্যু পঞ্জীয়নবোৰ চূড়ান্ত নহয়। চিআৰএছ তথ্যৰ অপেক্ষা নকৰাকৈ মৃত্যুৰ সঠিক হাৰ বুজিব নোৱাৰি। তেতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰাথমিক উৎস পৌৰসভাই কৰা পঞ্জীয়নবোৰেই।" কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান এটাত জনগাঁথনিৰ ওপৰত কাম কৰা এজন জ্যেষ্ঠ বিষয়াই এই বাখ্যা দাঙি ধৰিছে।
তথ্যস্বচ্ছতা
গুজৰাটৰ ৬৮ খন পৌৰসভাৰ তথ্য ৰ লগতে সমগ্ৰ দেশৰ 'অতিৰিক্ত মৃত্যুৰ তথ্য' একত্ৰিত কৰা আৰু প্ৰকাশ কৰাটো প্ৰতিবেদক সকলৰ এক সামূহিক প্ৰচেষ্টাৰ অংশ। প্ৰতিবেদন দিয়াৰ সময়ত, ১০০ খনতকৈও অধিক গুজৰাট পৌৰসভা আৰু আন ৰাজ্যৰ 35 খনতকৈও অধিক জিলাৰ পৰা মৃত্যুৰ পৰিসংখ্যা সংগ্ৰহ কৰা হৈছে।
এই তথ্যবোৰ অনলাইন ৱাল অফ গ্ৰীফত সৃষ্টিশীল কমন্স অনুজ্ঞাপত্ৰৰ অধীনত ৰাজহুৱাভাৱে উপলব্ধ , যি হৈছে নাগৰিক সমাজ, মিডিয়া সংগঠন আৰু আগ্ৰহী ব্যক্তিসকলৰ মাজত আমি মহামাৰীত হেৰাই যোৱা আত্মীয়সকলক সামূহিকভাৱে মনত ৰখাৰ এক সহযোগিতামূলক প্ৰচেষ্টা।
গুজৰাটৰ পৌৰসভাসমূহৰ মৃত্যু পঞ্জীৰ তথ্যসম্পৰ্কে হাৰ্ভাৰ্ড টিএইচ চান স্কুল অৱ পাব্লিক হেল্থৰ বিশেষজ্ঞসকলৰ সৈতেও আলোচনা কৰা হৈছে।, যিসকলে আগতে পুয়েৰ্টো ৰিকোত ঘূৰ্ণীবতাহ মাৰিয়াৰ পিছত প্ৰকৃত মৃত্যুৰ গণনাৰ অনুসন্ধান কৰিছিল।
হাৰ্ভাৰ্ডৰ জৰুৰীকালীন চিকিৎসক আৰু দুৰ্যোগ প্ৰশমন বিশেষজ্ঞ ড০ সতচিত বালছাৰীয়ে কয়, "দুৰ্যোগৰ সময়ত আৰু পিছত মৃত্যুৰ তথ্য গুৰুত্বপূৰ্ণ। সেইবোৰ তথ্যই কোনে, ক'ত, কেতিয়া আৰু কেনেকৈ মৃত্যু বৰণ কৰিছিল এই কথা প্ৰকাশ কৰে। তেতিয়া ৰাজহুৱা স্বাস্থ্য সংস্থাবোৰ কাৰ্যকৰী হ'ব পাৰে আৰু তেওঁলোকৰ তীক্ষ্ণ সঁহাৰি দিব পাৰে।" হাৰ্ভাৰ্ডৰ জৰুৰীকালীন চিকিৎসক আৰু দুৰ্যোগ প্ৰশমন বিশেষজ্ঞ ড০ সতচিত বালচাৰীয়ে কয়।
"সমগ্ৰ বিশ্বতে চৰকাৰে এই তথ্যবোৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰে। কিন্তু ভুল তথ্যই জনস্বাস্থ্যৰ প্ৰতি বিৰূপ প্ৰভাৱ কঢ়িয়াই।
ক'ভিডৰ ধ্বংসলীলাৰ পৰিস্থিতি বুজিবলৈ, দুজন সাংবাদিকৰ এজনে জুন মাহত গুজৰাটৰ মাজেৰে ভ্ৰমণ কৰিছিল। মৃত্যু পঞ্জীৰ দ্বাৰা প্ৰকাশিত তথ্য আৰু লোকচান সমূহক কেনেদৰে গাপ দিয়া হৈছিল। এই সমূহ কথা উলিয়াই আনিবলৈ সক্ষম হৈছে সাংবাদিকদ্বয়ে। তেওঁলোকে দাঙি ধৰা তথ্যই দেখুৱাইছে যে বেছিভাগ পৌৰসভাৰ অন্তৰ্গত লোকসকলৰ ৫০--৮০ বছৰ বয়সৰ বৃদ্ধসকলৰ মাজত মৃত্যু আন বয়সৰ গোটতকৈ অধিক হৈছে। দ্বিতীয় ঢৌৰ সময়ত চিকিৎসালয়ত মৃত্যু হোৱা লোকৰ সংখ্যা, ঘৰত মৃত্যু হোৱা লোকতকৈ বেছি।
এই ফলাফলবোৰে প্ৰকৃততে গুজৰাটত কি ঘটিছে সেয়াই প্ৰতিফলিত কৰে।
আমৰেলীৰ কবৰস্থানৰ পৰিচালনাৰ তত্বাৱধানত থকা সংগঠন দাৰুল উলুম মেহবুবিয়াৰ চৈয়দ মেহবুব ৰেহমানে কয়, "মই এনে ঘটনা দেখিছোঁ য'ত এজন ৬০ বছৰীয়া বৃদ্ধৰ পৰা অক্সিজেন চিলিণ্ডাৰ আতঁৰাই ২০ বছৰ বয়সৰ কোনোবা এজনক অক্সিজেন যোগান স্থানান্তৰ কৰা হৈছে।
"নাগৰিক সমাজৰ গোটবোৰে অক্সিজেন যোগানৰ ব্যৱস্থা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই । তেওঁলোকে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হৈছে যদিও সেই স্থানত অথৱা তাৰ তাৰ চৌপাশে কিন্তু কোনো চিকিৎসক নাই।"
১৯এপ্ৰিল, ২০২১ তাৰিখে, আমৰেলীৰ এজন ৰেডিঅ'লজিষ্ট ডাঃ ভাৰত পাদাই ইমেইলযোগে চিটি স্কেনৰ প্ৰতিবেদনখন দি শ্মশানত থিয় হৈছিল। তেওঁৰ সন্মুখৰ চিতাত, তেওঁৰ দেউতাকৰ শৰীৰটো শেষ হৈছিল। ৭৪ বছৰ বয়সত ক'ভিডে প্ৰাণ কাঢ়িছিল ডা° ভৰতৰ দেউতাকৰ। মৃত্যু সাত দিন আগতে ক'ভিড-১৯ আক্ৰান্ত বুলি ধৰা পৰিছিল ভৰতৰ দেউতাক।
“I turned a rock inside,” said Dr Bharat Pada, a radiologist in Amreli. His 74-year-old father died 7 days after testing positive for Covid-19. Credits: Shreegireesh Jalihal/The Reporters’ Collective
"দেউতাৰ চোনোগ্ৰাফী ৰিপৰ্ট আহে। ৰিপৰ্টত ক'ৰণা পজিটিভ। একমুহূৰ্তৰ বাবে মই শিললৈ পৰ্যবাসিত হৈছিলো। মই কোনোধৰণৰ আৱেগ অনুভৱ কৰা নাছিলো," ক্লিনিকত সাংবাদিকজনৰ আগত ডা° ভৰতে এনেদৰে কয়।
ডা° ভৰতৰ দেউতাকৰ মৃতু চৰকাৰী পঞ্জীকৃত হ'লনে! চৰকাৰী কভিডমৃত্যুৰ সংখ্যাক সন্দেহ কৰা বহুতৰ ভিতৰত ডা° ভৰতো আছে। "দৈনিক চৰকাৰী ভাৱে দাখিল কৰা মৃত্যুৰ সংখ্যাত মই ব্যক্তিগতভাৱে জনা লোকো আছে। কিন্তু সকলো মৃত্যুৰ পঞ্জীয়ন হোৱা নাই।"
আমৰেলী জিলাত গঠন কৰা 9 খন পৌৰসভাৰ 6 খনৰ মৃত্যু পঞ্জীত এপ্ৰিল ২০১৯-ৰ তুলনাত এপ্ৰিল ২০২১ ত ১২৫৭ টা অতিৰিক্ত মৃত্যু দেখুওৱা হৈছে। কিন্তু চৰকাৰৰ মতে, এপ্ৰিলত আমৰেলীৰ গ্ৰাম্য অঞ্চলকে ধৰি জিলাখনত মাত্ৰ ১৪ জন লোকৰহে ক'ভিডড-১৯ মৃত্যু হৈছে।
মৃত্যু পঞ্জীয়কৰ পৰা সংগ্ৰহ কৰা অতিৰিক্ত মৃত্যুৰ সংখ্যা প্ৰকৃত মৃত্যুতকৈ কম হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত মৃত্যু পঞ্জীয়ন কৰিবলৈ মানুহে এদিনৰ পৰা এমাহ সময় ল'ব পাৰে। কিন্তু প্ৰকৃত মৃত্যুৰ সঠিক গণনা হৈছেনে এই বিষয়টো এতিয়াও কিন্তু সন্দেহৰ আবৰ্তত।
The Numbers
Graph 1: (caption) Mortality in early 2020 mirrored those in 2019 but the gap began widening from April onwards when Covid-19 first began infecting people. The highest number of excess deaths across all 68 municipalities came in July, at 1228. In 2021, deaths saw a massive spike in April in the midst of the second wave.
Jan |
Feb |
March |
April |
May |
June |
July |
Aug |
Sept |
Oct |
Nov |
Dec |
|
2019 |
3263 |
2894 |
2678 |
2519 |
2613 |
2486 |
2498 |
2941 |
2871 |
2846 |
2763 |
2990 |
2020 |
3259 |
2867 |
2631 |
2607 |
2879 |
2760 |
3726 |
3932 |
3979 |
3629 |
3953 |
3895 |
2021 |
3136 |
2458 |
3109 |
12757 |
Graph 2: Official data and media reports make it clear that May 2021 was the worst hit in the nearly three-month-long second wave. However, for most of the municipalities data was available only up until 10 May. In the first 10 days, May 2021 witnessed 3,532 deaths in 67 municipalities. The average of deaths per day for these municipalities in these 10 days was around four times the figure for May 2019. Three municipalities where death data was available till May-end showed higher number of deaths compared to April 2021.
Municipality |
Deaths in April 2021 |
Deaths in May 2021 |
Chorvad |
41 |
73 |
Khedbrama |
38 |
57 |
Idar |
56 |
77 |
Graph 3: We analysed deaths across age groups for a sample of 10 municipalities over March-April in 2019, 2020 and 2021. Those between 50 and 80 years of age had disproportionately higher casualty compared to other groupings. People aged between 60 and 70 were the worst hit.
Age Group |
2019 |
2020 |
2021 |
0-9 |
83 |
114 |
54 |
10-19 |
46 |
60 |
53 |
20-29 |
98 |
106 |
153 |
30-39 |
119 |
112 |
399 |
40-49 |
182 |
193 |
930 |
50-59 |
259 |
320 |
1,517 |
60-69 |
452 |
467 |
1,950 |
70-79 |
374 |
444 |
1,712 |
80-89 |
271 |
313 |
850 |
90-99 |
95 |
105 |
230 |
Graph 4 (caption): A pattern observed across a majority of municipalities analysed, where data was available, is that the percentage of deaths that took place in hospitals as compared to the total deaths for the area in March-May 2021 grew when compared to the same period in 2019 and 2020.
|
March-April 2019 (in %) |
March-April 2020 (in %) |
March-April 2021(in %) |
Gondal |
4.76 |
28.67 |
41.66 |
Barwala |
0 |
6.25 |
38.57 |
Dhrangdhra |
1.36 |
2.43 |
33.76 |
Deesa |
22 |
22 |
46.62 |
Khambaliya |
30.3 |
45.83 |
79.31 |
Surendranagar municipality has the highest figure of excess deaths. In April 2021, the municipality saw 1,195 excess deaths compared to April 2019. This is 8.7 times more than the 136 covid deaths officially reported in the district till now.
_____
Authors: Shreegireesh Jalihal, Tapasya and Nitin Sethi/ The Reporters' Collective. The English version of this article is published by The Wire
Add new comment