Skip to content Skip to navigation

মোদীৰ 'কৃষকৰ আয় দুগুণ কৰা’ অসাৰ প্ৰতিশ্ৰুতিৰ আঁৰৰ গোপন কাহিনী (২)

২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কৃষকৰ আয় দুগুণ কৰাৰ সপোনৰ বৰ্হিপ্ৰকাশ হিচাপে প্ৰৱৰ্তন কৰিছিল তিনিখন বিতৰ্কিত কৃষি আইন। এই আইনৰ জৰিয়তে কৰ্প’ৰেট গোষ্ঠীক ঘেঁহু, চাউল, দাইল আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰি ৰখাৰ অনুমতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে। সমান্তৰালভাৱে নিয়ন্ত্ৰিত বজাৰৰ বাহিৰত কৃষিজাত সামগ্ৰী বিক্ৰীৰে নূন্যতম সমৰ্থন মূল্যক উপেক্ষা কৰি বৃহৎ পৰিসৰৰ কৰ্পৰেট ঠিকাভিত্তিক কৃষিৰ ভেটি স্থাপনৰো বাট মোকলাই দিছিল মোদী চৰকাৰে।

এয়াই আছিল সেই সময়ত কৃষক বিদ্ৰোহৰ সূচনা হোৱাৰ কাৰণ। কেন্দ্ৰীয় চৰকাৰে এই বিতৰ্কিত কৃষি আইন কৃষকৰ ওপৰত জাপি দিয়াৰ বিৰোধিতাৰে লাখ লাখ কৃষকে জাৰ-জহ, কোভিডৰ আতংককো নেওচি সম্পূৰ্ণ এবছৰ ধৰি ৰাজধানী দিল্লী তথা ইয়াৰ উপকণ্ঠ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে।

আন্দোলনকাৰী কৃষকৰ অভিযোগ আছিল- মোদী চৰকাৰে এই আইন কৃষকৰ ওপৰত জাপি দি কৰ্পৰেট বন্ধুক সহায় কৰিব বিচাৰিছে।

উল্লেখ্য যে, নৰেন্দ্ৰ মোদী আৰু পুঁজিপতি গৌতম আদানীৰ মাজৰ বন্ধুত্বই প্ৰায়ে চৰ্চা লাভ কৰি আহিছে। নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক উত্থানৰ সমান্তৰালভাৱে আদানীয়েও নিজৰ ব্যৱসায়ীক উত্থান ঘটাবলৈ সক্ষম হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে। ইয়াৰ বাবে সময়ে সময়ে তীৰ্যক সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে আদানী আৰু প্ৰধানমন্ত্ৰী মোদী।

এই কৃষি আইনেও আদানী গ্ৰুপকে অধিক লাভান্বিত কৰিব বুলি অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলে লাখ লাখ কৃষকে।  

'দ্য ৰিপ’ৰ্টাৰছ কালেকটিভ’-এ লাভ কৰা পূৰ্বতে অপ্ৰকাশিত নথি-পত্ৰসমূহে এতিয়া প্ৰকাশ কৰিছে যে ২০১৮ চনৰ এপ্ৰিল মাহত আদানী গ্ৰুপে কৃষি সামগ্ৰী মজুত কৰি ৰখাৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰোৱাৰ বাবে চৰকাৰক প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ ঠিক দুবছৰ পিছতে মোদী চৰকাৰে ৰহস্যজনকভাৱে আদানীৰ সেই প্ৰস্তাৱ গ্ৰহণ কৰি বিতৰ্কিত কৃষি আইন প্ৰণয়ন কৰা পৰিলক্ষিত হয়।

কৃষি আইন অধ্যাদেশ প্ৰণয়নৰ ডেৰ-দুবছৰ আগলৈকে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে নীতি আয়োগে গঠন কৰা টাস্ক ফ’ৰ্চৰ বৈঠকত আদানী গ্ৰুপৰ প্ৰতিনিধিৰ মন্তব্য আছিল- ‘অত্যাৱশ্যকীয় সামগ্ৰী আইন উদ্যোগ/উদ্যোগীসকলৰ বাবে প্ৰতিৰোধক হিচাপে প্ৰমাণিত হৈছে।”

কৃষিজাত সামগ্ৰী মজুত ৰখাৰ ক্ষেত্ৰত কোম্পানীসমূহক সীমিত কৰা অত্যাৱশ্যকীয় সামগ্ৰী আইন বাতিলৰ বাবে এইটোৱে আছিল আদানী গোটৰ আনুষ্ঠানিক পোষকতাৰ প্ৰথম লিপিৱদ্ধ দৃষ্টান্ত। সমালোচকসকলৰ যুক্তি অনুসৰি এই আইনখন বাতিলৰ ফলত আদানী গোটৰ দৰে কৃষি ব্যৱসায়ৰ নিগমসমূহে কৃষকৰ ক্ষতিসাধন কৰি কৃষি উৎপাদিত সামগ্ৰী নিয়ন্ত্ৰণহীনভাৱে মজুত ৰাখিবলৈ অনুমতি লাভ কৰিব।

এই তদন্তমূলক প্ৰতিবেদনৰ প্ৰথম খণ্ডত 'দ্য ৰিপৰ্টাৰ্ছ কালেকটিভে’ কৃষকৰ জীৱন উন্নত কৰাৰ উপায়ৰ বাবে বেছিভাগ ব্যৱসায়ীৰ সৈতে পৰামৰ্শ গ্ৰহণেৰে গঠন কৰা টাস্ক ফ’ৰ্চৰ আঁৰৰ কাহিনী উন্মোচন কৰিছিল। প্ৰতিবেদনৰ এই সামৰণি অংশটোত ব্যৱসায়ীক গোষ্ঠী আৰু চৰকাৰৰ মাজৰ বুজা-পৰা আৰু গোপন উদ্দেশ্য সম্পৰ্কে বন্ধ দুৱাৰৰ আঁৰত হোৱা আলোচনা উন্মোচিত হৈ পৰিছে।

উল্লেখ্য যে, নীতি আয়োগে ২০১৮ চনত বিজেপিৰ ঘনিষ্ঠ প্ৰবাসী ভাৰতীয় চফটৱেৰ ব্যৱসায়ীৰ পৰামৰ্শত কৃষকৰ আইন দুগুণ কৰাৰ এখন টাস্ক ফ’ৰ্চ গঠন কৰিছিল। এই টাস্ক ফ’ৰ্চৰ উদ্দেশ্য আছিল কৃষিক অধিক মুনাফাদায়ক কৰি তোলাৰ বাবে কৰ্পৰেট গোষ্ঠীক অন্তুৰ্ভূক্ত কৰা। এই বিষয়ে দ্য ৰিপৰ্টাৰ্ছ কালেকটিভে তেওঁলোকৰ প্ৰথম অনুসন্ধানমূলক প্ৰতিবেদনত বিস্তৃতভাৱে উল্লেখ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে কৃষকৰ আয় দুগুণ কৰাৰ সপোন ঘোষণা কৰাৰ দুমাহৰ পাছত ২০১৬ চনৰ পৰা চলি থকা কৃষকৰ আয় দুগুণ কৰাৰ আনুষ্ঠানিক আন্তঃমন্ত্ৰালয় সমিতিৰ পৰা ইয়াৰ কাৰ্যভাৰ আংশিকভাৱে দখল কৰে।

আন্তঃমন্ত্ৰালয় সমিতিখনে বিভিন্ন ধৰণৰ কৰ্মী, অৰ্থনীতিবিদ আৰু উদ্যোগিক প্ৰতিনিধিৰ সৈতে পৰামৰ্শ কৰি ভাৰতৰ কৃষি খণ্ডক জুৰুলা কৰা সমস্যাসমূহ বিশ্লেষণ কৰি ১৪টা খণ্ড প্ৰকাশ কৰি কৃষকৰ আয় বৃদ্ধিৰ উপায়ৰ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ বিপৰীতে টাস্ক ফ’ৰ্চে আদানী গ্ৰুপ, পতঞ্জলি আয়ুৰ্বেদ, মহিন্দ্ৰা গ্ৰুপ আৰু বিগবাস্কেটৰ দৰে বৃহৎ কৰ্পৰেটসমূহৰ পৰামৰ্শ গ্ৰহণ কৰে। আশ্বৰ্যজনক কথাটো হ’ল- এই দুয়োটা পেনেলৰ নেতৃত্বত আছিল একেজন ব্যক্তি, যাৰ নাম অশোক দলৱাই। কালেকটিভে উল্লেখ কৰা মতে, এই সমগ্ৰ বিষয়ক লৈ দলৱাইলৈ সংবাদ গোষ্ঠীটোৰ পৰা বিতং প্ৰশ্ন প্ৰেৰণ কৰা হৈছিল যদিও তেওঁৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে।

কমিটীয়ে পূৰ্বে দাখিল কৰা উত্তৰৰ পৰা পৃথক উত্তৰ বিচাৰি ইচ্ছাকৃতভাৱে টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে বুলি টাস্ক ফ’ৰ্চৰ এজন সদস্যই নাম প্ৰকাশ নকৰাৰ চৰ্তত দ্য কালেকটিভক প্ৰকাশ কৰে।

সদস্যজনে দ্য কালেকটিভক কয়, “কৃষকৰ আয় দুগুণ কৰাৰ বাবে গঠিত কমিটীয়ে চৰকাৰী সমাধানৰ সৈতে ৰিপ’ৰ্ট প্ৰস্তুত কৰিছিল। আমি কামবোৰ বেলেগ ধৰণে কৰিব বিচাৰিছিলো। আমি বজাৰৰ বিষয়টোত সমাধান বিচাৰি আছিলো।”

২০১৮ চনৰ ৩ এপ্ৰিলত টাস্ক ফ’ৰ্চে ব্যক্তিগত প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ পৰা পৰামৰ্শ লয়। য’ত এজন এজনকৈ তেওঁলোকে নিজৰ ঔদ্যোগিক ক্ষেত্ৰ আৰু বৈচিত্ৰৰ তথ্য প্ৰদান কৰে। উদাহৰণস্বৰূপে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই তেওঁলোকৰ 'অব ট্ৰেক্টৰ কল কৰো’ সেৱাৰ বিষয়ে অৱগত কৰে। মহিন্দ্ৰাৰ মতে, এইটো হৈছে ট্ৰেক্টৰ ভাড়ালৈ প্ৰদান কৰাৰ এক সেৱা। এই সেৱা “ফাৰ্মিং এজ এ ছাৰ্ভিচ” মডেলৰ অধীনত পৰে বুলিও দাবী কৰে মহিন্দ্ৰাই।

পতঞ্জলি আয়ুৰ্বেদৰ প্ৰতিনিধিয়ে কয় যে কোম্পানীটোৱে কৃষকসকলক অধিক উৎপাদনৰ বীজ পুনৰ কৃষকৰ পৰা কিনি লোৱাৰ নিশ্চয়তা প্ৰদান কৰে। ইয়াৰ উপৰিও কৃষকৰ সৈতে এনে চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়, যিয়ে “কৃষক আৰু গ্ৰাহকৰ মাজত প্ৰত্যক্ষ সংযোগ” স্থাপন কৰিব। আইটিচিয়ে তেওঁলোকৰ মিছন সোণালী ভৱিষ্যতৰ জৰিয়তে কেনেকৈ “গ্ৰাম্য জীৱিকা শক্তিশালী কৰিছে” সেই বিষয়ে বিশদভাৱে কয়। কিন্তু লক্ষণীয় কথাটো হ’ল- বৈঠকত অংশগ্ৰহণ কৰা কোনো কোম্পানীয়েই তেওঁলোকৰ মডেলে কৃষকৰ আয় কেনেকৈ প্ৰমাণীকৰণযোগ্যভাৱে বৃদ্ধি কৰিব সেই সম্পৰ্কে তথ্য প্ৰদান কৰা নাছিল।

আদানী গ্ৰুপে কৃষকৰ সৈতে তথ্য প্ৰচাৰৰ বাবে আদানী বন্দৰ আৰু এছ ই জেডৰ মালিকানাধীন ভূমিত গুজৰাটত উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰাৰ কথা কয়। এইটো স্থাপনৰ বাবে খৰচৰ ৬০ শতাংশ চৰকাৰৰ ৰাজকোষৰ পৰা প্ৰদান কৰা হ’ব বুলি প্ৰস্তাৱ আগবঢ়োৱা হয়।

টাস্ক ফ’ৰ্চে পৰামৰ্শ গ্ৰহণ কৰা ১০টা কৰ্পৰেটৰ ভিতৰত ৯টা কৰ্পৰেটে তেওঁলোকৰ মডেলৰ বাবে নীতিগত সামাঞ্জস্য বিচাৰে। এই ৯টা কৰ্পৰেট গোষ্ঠীৰ ভিতৰত ৪টাই চৰকাৰৰ পৰা আৰ্থিক সাহায্য বিচাৰে।
 
একেখন বৈঠকতে আদানী এগ্ৰ’ই পোনে পোনে মূল বিষয়লৈ আহি তেওঁলোকৰ কৃষি ব্যৱসায়ৰ সম্প্ৰসাৰণত বাধাৰ সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে।

কোম্পানীটোৰ প্ৰতিনিধি অতুল চতুৰ্বেদীয়ে বৈঠকত কয়, ‘অত্যাৱশ্যকীয় সামগ্ৰী আইনখন উদ্যোগ/উদ্যোগীসকলৰ বাবে আৰু পাছলৈ কৃষকৰ বাবে প্ৰতিৰোধক হিচাপে প্ৰমাণিত হৈছে।’’

ইয়াৰ অন্তৰ্নিহিত বাৰ্তা আছিল কোম্পানীটোৰ বাবে যিটো ভাল সেয়া কৃষকৰ বাবে ভাল হ’ব৷ কিন্তু পিছত যেতিয়া কেন্দ্ৰই কৰ্পৰেটৰ সপক্ষে অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধন কৰে, তেতিয়া কৃষকসকলে এই পদক্ষেপৰ প্ৰতিবাদ কৰে।
 
দলৱাইৰ নেতৃত্বত ডাবলিং ফাৰ্মাৰ্ছ ইনকাম কমিটীয়েও কৃষিজাত সামগ্ৰীৰ মজুত সীমা উদাৰীকৰণৰ পৰামৰ্শ দিছিল যদিও কৃষকৰ বাবে সুৰক্ষাৰ ব্যৱস্থা সংযোজন কৰিছিল। কমিটীখনৰ প্ৰতিবেদনৰ সামৰণি খণ্ডত কোৱা হৈছে যে, “কৃষকৰ পৰা পোনপটীয়াকৈ নূন্যতম সমৰ্থন মূল্যৰ হাৰত মজুত ক্ৰয় কৰা ব্যক্তিগত সংস্থাসমূহক ষ্টক সীমাৰ পৰা চৰ্তসাপেক্ষ ৰেহাই দিয়াৰ পৰামৰ্শ দিয়া হৈছে, লগতে উঠা-নমা কৰা ৰপ্তানিৰ নিষেধাজ্ঞাৰ পৰা সকাহ দিয়া হৈছে।”

অৱশেষত যেতিয়া চৰকাৰে কৃষি আইনসমূহৰ এখনৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী আইনখন কৰ্তন কৰিলে, তেতিয়া ইয়াত দলৱাই নেতৃত্বাধীন সমিতিৰ প্ৰস্তাৱিত সুৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। বৰঞ্চ সংসদত দাখিল কৰা ২০২০ চনৰ আগষ্টৰ সংশোধনী বিধেয়কখনত কোৱা হৈছে যে ব্যৱসায় কৰাত সহজ হোৱাৰ ওপৰত ভিত্তি কৰি পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন থকাৰ বাবেই আইনসমূহে ব্যৱসায়িক স্বাৰ্থক অগ্ৰাধিকাৰ দিছে।

১৯৫৫ চনত প্ৰণয়ন হোৱা অত্যাৱশ্যকীয় সামগ্ৰী আইনখন চৰকাৰে বজাৰত মূল্যৰ উঠা-নমা পৰীক্ষা কৰিবলৈ আৰু জমা বিৰোধী ব্যৱস্থা হিচাপে খাদ্যৰ মজুত নিয়ন্ত্ৰণ কৰাৰ এক আহিলা আছিল। ব্যৱসায়ীসকলে প্ৰায়ে বৃহৎ পৰিমাণৰ খাদ্য শস্য জমা কৰি ৰাখে আৰু খাদ্যৰ নাটনিৰ সময়ত দাম অধিক হ’লে বিক্ৰী কৰে।

২০২০ চনৰ ছেপ্টেম্বৰ মাহত এই আইনখনৰ সংশোধনী কৰি তিনিখন কৃষি আইনৰ ভিতৰত এখনৰ জৰিয়তে ৰাজ্যসমূহক দিয়া এই ক্ষমতাসমূহ আঁতৰাই পেলোৱা হয়। ইয়াৰ পূৰ্বে কেন্দ্ৰই মজুত সীমা আৰোপ কৰিব তেতিয়া পাৰিছিল যেতিয়া কেৱল দুৰ্ভিক্ষৰ দৰে অসাধাৰণ পৰিস্থিতিত বা যেতিয়া খাদ্য সামগ্ৰীৰ খুচুৰা মূল্য পূৰ্বৰ বছৰৰ তুলনাত ৫০%তকৈ অধিক বৃদ্ধি পায়। কিন্তু খাদ্য ৰপ্তানিকাৰক আৰু “মূল্য শৃংখলৰ অংশগ্ৰহণকাৰী”সকলক (আইনখনে বাক্যাংশটোৰ সংজ্ঞা দিয়া নাছিল) এনে সীমাৰ পৰা ৰেহাই দিয়া হৈছিল।

এই বিশেষ দফাটো আদানী গ্ৰুপৰ দৰে সংঘবদ্ধ সংস্থাসমূহৰ বাবে আশীৰ্বাদ আছিল, যিয়ে ২০০৫ চনৰ পৰা ভাৰতীয় খাদ্য নিগমৰ বাবে শস্যৰ ভাণ্ডাৰ বিকশিত আৰু পৰিচালনা কৰি আহিছে। ইয়াৰ উপৰিও মজুত, পৰিবহণ (খাদ্যশস্য পৰিবহণৰ বাবে ব্যৱহৃত ৰে’লৱে ৰেকৰ মালিক) আৰু বন্দৰৰ পৰা ব্যৱসায়িক স্বাৰ্থ য’ত খাদ্য শস্য ৰপ্তানি কৰা হয়।

টাস্ক ফ’ৰ্চে পৰামৰ্শ আগবঢ়োৱা কোম্পানীসমূহে কৃষিৰ পৰা মুনাফা বৃদ্ধিৰ অংক কৰিছিল আৰু উপাৰ্জন শ শ কোটি পৰ্যন্ত কৰাত গুৰুত্ব দিছিল।

২০২১-২২ বিত্তীয় বৰ্ষত আদানী গোটে তেওঁলোকৰ কৃষি ব্যৱসায়ৰ পৰা ৪৭০০ কোটি টকাৰ বৃহৎ মুনাফা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ২০২২-২৩ চনটোও আইটিচিৰ বাবে এটা মুনাফাদায়ক বছৰ হিচাপে পৰিগণিত হৈছিল। সুদ আৰু কৰৰ পূৰ্বে তেওঁলোকৰ লাভ ২৫.৯% বৃদ্ধি পাই ৩০০ কোটি টকা হৈছিলগৈ। একেদৰে পিছ পৰি নাথাকিল ইউনাইটেড ফছফৰাছ লিমিটেডো; ২০২৩ চনৰ তেওঁলোকৰ ৰাজহ ১৬% বৃদ্ধি পাই পূৰ্বৰ বছৰৰ তুলনাত ৫৩,৫৭৬ কোটি টকা হৈছে।

কিন্তু কৃষকৰ কি লাভ হ’ল? কৃষকৰ উপাৰ্জনত পিছে বিশেষ পৰিৱৰ্তন দেখা পোৱা নগ’ল। ২০১৮-১৯ চনৰ শেহতীয়া তথ্যৰ ভিত্তিত এজন সাধাৰণ কৃষকৰ মাহিলি আয় মাত্ৰ ১০,২১৮ টকালৈ বৃদ্ধি পাইছে, যিটো ২০১৫-১৬ চনত ৮,০৫৯ টকা আছিল। দুখৰ বিষয় যে ২০২২ চনৰ ভিতৰত তেওঁলোকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰ আধাও হোৱা নাই।

'দ্য কালেক্টিভ’ৰ সৈতে হোৱা কথা-বতৰাত কৃষি বিশেষজ্ঞই কয় যে বৃহৎ কোম্পানীসমূহে খেতিৰ কামত সোমোৱাটো বেয়া নহয়। কিন্তু তেওঁলোকে সকীয়াই দিয়ে যে এই কোম্পানীসমূহে বেছিভাগেই নিজৰ লাভৰ কথা চিন্তা কৰে। গতিকে, তেওঁলোকে হয়তো কৃষকক কম ধন দিব যাতে টকা ৰাহি কৰিব পাৰে। এইটো কৃষকৰ আয় দুগুণ কৰাৰ ধাৰণাৰ সম্পূৰ্ণ বিপৰীত। মূলতঃ এই কোম্পানীবোৰে খেতিক অধিক ধন ঘটাৰ উপায় হিচাপে ব্যৱহাৰ কৰিছে।

“খেতিৰ ক্ষেত্ৰত ডাঙৰ মেচিন আৰু টেকৰ বাবে ডাঙৰ কোম্পানী লাগে। কিন্তু এই বৃহৎ কোম্পানীবোৰে কৃষকৰ পৰা শস্য ক্ৰয় কৰাৰ সময়ত কম খৰচ কৰিবলৈ চেষ্টা কৰিব। শেষত তেওঁলোকে কেৱল নিজৰ লাভৰ কথাহে চিন্তা কৰিব।’ ইন্দিৰা গান্ধী ইনষ্টিটিউট ফৰ ডেভেলপমেণ্ট ৰিচাৰ্চৰ সহযোগী অধ্যাপিকা সুধা নাৰায়ণে এনেদৰে কয়। কৃষক বা কৃষি কৰ্মীক আলোচনাৰ পৰা আঁতৰাই ৰখাটো সংকটৰ প্ৰতীক বুলিও মন্তব্য কৰে তেওঁ।

উল্লেখ্য যে, ২০১৪ চনৰ পৰা ২০১৮ চনৰ ভিতৰত দেশত প্ৰায় ১৩ হাজাৰ কৃষকে প্ৰতিবাদত নামি পৰিছে। তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী, যেনে বজাৰৰ উঠা-নমাৰ পৰা ৰক্ষা পাবলৈ আইনগতভাৱে নিৰ্ধাৰিত নূন্যতম সহায়ক মূল্য (এম এছ পি) আৰু দুৰ্যোগৰ পৰা সকাহ পাবলৈ শস্যৰ বীমা আদি দাবী টাস্ক ফ’ৰ্চৰ আলোচনাত সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছিল। বছৰজোৰা কৃষকৰ প্ৰতিবাদে বিশ্বজুৰি চৰ্চা লাভ কৰি ৭০০ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত চৰকাৰে এম এছ পিৰ আইনী বলবৎকৰণৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে তেনে কোনো কমিটী আজি পৰ্যন্ত গঠন নহ’ল। কিন্তু ইয়াৰ পূৰ্বে ই নিগমসমূহক কৃষিক্ষেত্ৰত প্ৰৱেশৰ সুবিধা প্ৰদানৰ বাবে এটা টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ তৎপৰতাৰে আগবাঢ়িছিল।

সামূহিক গোটটোৱে আদানী গোট, নীতি আয়োগ, কৃষি আৰু কৃষক কল্যাণ বিভাগ আৰু টাস্ক ফ’ৰ্চে পৰামৰ্শ লোৱা প্ৰতিষ্ঠানসমূহলৈ বিতং প্ৰশ্ন প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যজনক কথা যে সোঁৱৰাই দিয়াৰ পিছতো কোনোৱেই কোনো সঁহাৰি নিদিলে।

প্ৰাক্তন কৃষি সচিব ছিৰাজ হুছেইন, আৰু প্ৰাক্তন গ্ৰাম্য উন্নয়ন সচিব যুগল মহপাত্ৰই 'দ্য প্ৰিন্ট’ৰ বাবে লিখা এটা স্তম্ভত তেওঁলোকে উল্লেখ কৰে যে বিশেষ সংশোধনীটোৱেই আছিল আটাইতকৈ “ব্যৱসায়িক অনুকূল”। তেওঁলোকে লিখিছে, ‘বিতৰ্কিত প্ৰশ্নটো হ’ল যেতিয়া শস্য চপোৱা হ’ব আৰু দাম আটাইতকৈ কম হোৱাৰ প্ৰৱণতা থাকে তেতিয়া কৰ্পৰেটসমূহে কৃষকক উচিত মূল্য দিব নে নাই।’’ ইয়াৰ কোনো সহজ উত্তৰ নাই বুলিয়েই তেওঁলোকে কয়।

প্ৰাক্তন সচিব দুগৰাকীয়ে কৃষি খণ্ডটোক বাণিজ্যিকীকৰণ কৰিলে কৃষকসকলৰ লাভ হ’ব নে নহয় সেই বিষয়ে অনিশ্চিত হৈ থাকিলেও তেওঁলোকে এটা সতৰ্কবাণীৰে স্তম্ভটোৰ অন্ত পেলায়- “এই ব্যৱসায়ত একচেতিয়া অধিকাৰ গঢ় লৈ উঠিলে গ্ৰাহকসকলেই হয়তো অধিক চিন্তা কৰিবলগীয়া হ’ব। বৰ্তমান চৰকাৰৰ হাতত ব্যক্তিগত খণ্ডৰ মজুত ৰখাৰ পৰিমাণ জানিবলৈ কোনো উপায় নাই।”

অশোক দলৱাইয়ে এমাহ পূৰ্বে চৰকাৰে অনা কৃষি অধ্যাদেশৰ প্ৰশংসা কৰি লিখা এখন পত্ৰৰ জৰিয়তে ২০২০ চনৰ ৬ জুলাইত ব্যৱসায়-বন্ধুত্বপূৰ্ণ টাস্ক ফ’ৰ্চৰ কৰ্মসূচীৰ অন্ত পৰে।

আঠ মাহৰ পাছত কৃষকৰ প্ৰতিবাদৰ সময়ত নীতি আয়োগৰ ৰমেশ চান্দে সকীয়াই দিছিল যে যদিহে আইন বাতিল কৰা হয় তেন্তে কৃষকৰ আয়ৰ দুগুণ বৃদ্ধি নহ’ব। ২০২১ চনৰ ডিচেম্বৰ মাহত কৃষি আইন বাতিল কৰা হয়।

 

by  Shreegireesh Jalihal / The Reporters' Collective

Author info

Shreegirish Jalihal's picture

Add new comment

Random Stories

Throw out Cong: Ramdev

20 Jan 2014 - 12:51pm | AT News
Yugaguru Ramdev tore apart Congress governments both in Delhi and Dispur alleging utter misgovernance and corruption.Talking to reporters at the GMCH Auditorium during his brief visit to the city,...

Manpower crisis, lack of vehicles, poor infrustructure hit Chaparmukh

26 Jul 2010 - 8:14pm | Dibya J Borthakur
In view of growing criminal activities, the Chapormukh Police Outpost was set up to curb the same many years ago.Unfortunately, manpower crisis,lack of vehicles, poor infrustucture are the three...

Training on alternative wildlife products

28 Nov 2014 - 7:04pm | Subhamoy Bhattacharjee
To contain wildlife hunting by the tribal communities of Arunachal Pradesh, Wildlife Trust of India (WTI) carried out an intensive training programme on alternative wildlife products at Pakke Tiger...

Join Assam Times on Telegram