Skip to content Skip to navigation

বিশেষজ্ঞৰ পৰামৰ্শক আওকাণ কৰি লকডাউন প্ৰত্যাহাৰৰ দিশে চৰকাৰ

মৃদুলা ছাৰি আৰু নিতিন সেঠী

মুম্বাইঃ ক’ভিড-১৯ৰ লক্ষণ দেখা দিয়া লোকসকলৰ চিনাক্ত কৰিবৰ বাবে ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰক। টেষ্টৰ ফলাফললৈ বাট নাচাই যিমান সম্ভৱ সিমান সোনকালে উপসৰ্গ ধৰা পৰাসকলক কোৱাৰেণ্টাইন কৰক। যদিহে ১৪ দিন ধৰি এনে কোৱাৰেণ্টাইন আৰু পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হয় তেন্তে এখন জিলাত ক’ভিড-১৯ৰ ঘটনা অতি কমেও ৪০ শতাংশ কমিব আৰু অনাগত দিনত সংক্ৰমিত হোৱাৰ আশংকা থকা সকলৰ বাবে চিকিৎসালয়ৰ আন্তঃগাথনি সাজু কৰি তুলিব লাগিব, তেতিয়াহে লকডাউন প্ৰত্যাহাৰ কৰিব পৰা যাব।

যেতিয়া এই আটাইবোৰ ব্যৱস্থা কৰা হ’ব তেতিয়াহে প্ৰতিখন জিলাতে লকডাউন প্ৰত্যাহাৰ কৰিব পৰা যাব বুলি চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰে। Article14-এ এপ্ৰিলৰ প্ৰথম সপ্তাহত আইচিএমআৰে চৰকাৰৰ আগত দাঙি ধৰা প্ৰেজেণ্টেশ্যনৰ বিতং তথ্য লাভ কৰিছে। ইয়াতে উল্লেখ কৰা হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ কঠোৰ লকডাউন প্ৰত্যাহাৰৰ চৰ্তাৱলী।

বিজ্ঞানীসকলে সকীয়াই দিছিল যে এইসমূহেই হৈছে 'পৰিত্ৰাণৰ একমাত্ৰ ফলপ্ৰসূ উপায়’ আৰু 'এই পৰিত্ৰাণৰ ব্যৱস্থাসমূহ ৰূপায়ণ নকৰিলে সংক্ৰমণৰ সংখ্যা আকৌ বৃদ্ধি পাব’। তেওঁলোকে আৰু কৈছে যে 'স্থানীয়ভাৱে লাভ কৰা তথ্যসমূহ পৰ্যবেক্ষণ নকৰাকৈ লকডাউন প্ৰত্যাহাৰ কৰা অনুচিত’।

(ICMR’s presentation included a flowchart to help administrators decide how the lockdown could be lifted.)

৬ সপ্তাহৰ লকডাউন আৰু পিছত সেয়া দুবাৰকৈ বৃদ্ধি কৰাৰ ৪৯ দিন পাৰ হৈ যোৱাৰ পিছতো চৰকাৰে লকডাউন প্ৰত্যাহাৰৰ বাবে আইচিএমআৰে পৰামৰ্শ আগবঢ়োৱাৰ দৰে ঘৰে ঘৰে গৈ সমগ্ৰ দেশতে পৰ্যবেক্ষণৰ ব্যৱস্থা নকৰিলে আৰু 'সিদ্ধান্ত গ্ৰহণৰ ফৰ্মূলা’কো আওকাণ কৰিলে। ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰসমূহক সবিশেষ নজনোৱাকৈ এক অস্বচ্ছ ধৰণেৰে লকডাউনৰ প্ৰভাৱ সম্পৰ্কে অনুমান কৰিয়েই সমগ্ৰ দেশৰ ৭০০ খন জিলাত লকডাউন শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিশেষজ্ঞসকলে কৈছে যে বিজ্ঞানীসকলৰ পৰামৰ্শক অৱজ্ঞা কৰা বাবেই লকডাউন সত্বেও দেশত কৰ’নাৰ সংক্ৰমণৰ হাৰ ক্ৰমাৎ বৃদ্ধি হৈ আছে।

২৪ মাৰ্চত মোদী চৰকাৰে যেতিয়া লকডাউন ঘোষণা কৰিছিল তেতিয়া ক’ভিড-১৯ৰ ঘটনা আছিল ৬১৮ টা। ১১ মে’ত সেয়া হয়গৈ ৬৭,০০০ৰো অধিক আৰু ইয়াৰ বৃদ্ধিৰ হাৰ হৈছে ১০,৭৪১ শতাংশ। ৭ মে’ত ১৫ খন দিল্লী, মুম্বাই, চেন্নাই আৰু আহেমাদাবাদৰ সৈতে ১৫ খন প্ৰধান চহৰত ৬০ শতাংশ সংক্ৰমণৰ ঘটনা ধৰা পৰে। এই চহৰসমূহতো লকডাউন কঠোৰভাৱে পালন কৰা হৈছে। তৎসত্বেও ঘটনাৰ সংখ্যা বাঢ়িয়েই আছে। মুম্বাইত লকডাউনৰ আৰম্ভণিতে আছিল মাত্ৰ ৬৭ টা সংক্ৰমণৰ ঘটনা, ১১ মে’ত সেয়া হয়গৈ ১৩০০০, বৃদ্ধিৰ হাৰ হৈছে ১৯,৩০৩ শতাংশ। ঠিক তেনেকৈ দিল্লীত আৰম্ভণিতে আছিল মাত্ৰ ৩৭ টা সংক্ৰমণৰ ঘটনা আৰু ১১ মে’ত ২০,৫৬৫ শতাংশ বৃদ্ধি হৈ সেয়া হয়গৈ ৭২৩৩ টা। আহমেদাবাদতো ২৫ মাৰ্চত মাত্ৰ ১৪ টা সংক্ৰমণৰ ঘটনা আছিল, কিন্তু ১১ মে’ত ৪১৪৫৭ শতাংশ বৃদ্ধি পাই ১১ মে’ত হৈছেগৈ ৫৮১৮ টা।

আনহাতে, মহাৰাষ্ট্ৰৰ প্ৰশাসনে অৱশেষত স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সমূহীয়া সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ওড়িশাতো ক’ভিড-১৯ৰ ঘটনা এসপ্তাহতে দুগুণলৈ বৃদ্ধি পাইছে। অহা ১৬ মে’ৰ ভিতৰত দেশত নতুন ক’ভিড-১৯ৰ ঘটনা নোপোৱাৰ অভিলেখ গঢ়িবলৈ সমৰ্থ হ’ব বুলি ২৪ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে কৰা দাবী ইতিমধ্যে ভুল প্ৰমাণিত হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে ৩০ এপ্ৰিলত জাৰি কৰা নিৰ্দেশনা মতে, জিলাসমূহক ৰেড, আৰেঞ্জ আৰু গ্ৰীণ জ’নত ভাগ কৰি লকডাউনৰ নিয়মসমূহ কঠোৰ আৰু শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ’ন হিচাপে ভাগ কৰিবৰ বাবে জিলাসমূহত সক্ৰিয় ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা, জিলাখনত সেই সংখ্যা দুগুণ হোৱাৰ সময়, টেষ্টিঙৰ ব্যাপ্তি আৰু পৰ্যবেক্ষণৰ পৰা লাভ কৰা তথ্য গুৰুত্ব দিয়া হৈছে। ইয়াত ৰেড জ’নক লকডাউন কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে আৰু গ্ৰীণ জ’নত সেয়া শিথিল কৰাৰ ব্যৱস্থা ৰখা হৈছে।

Article 14-ৰ তৰফৰ পৰা চৰকাৰে জ’ন নিৰ্ধাৰণৰ বাবে কি কি পদ্ধতি অৱলম্বন কৰিছে আৰু কিয় আইচিএমআৰৰ পৰামৰ্শ কাৰ্যকৰী নকৰিলৈ সেই সন্দৰ্ভত জানিবলৈ স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন, স্বাস্থ্য সচিব প্ৰীতি ছুদান, আইচিএমআৰৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱ আৰু আইচিএমআৰৰ মহামাৰী আৰু সংক্ৰমিত ৰোগ বিভাগৰ মূৰব্বী ৰমন গংগাখেদকাৰৰ সৈতে যোগাযোগ কৰা হৈছিল। তেওঁলোকে নিজৰ মাজত আমি প্ৰদান কৰা মেইলৰ আদান-প্ৰদান কৰিছে যদিও কোনো উত্তৰ দিয়া দেখা নগ’ল। কোনো উত্তৰ পালেই আমি সেয়া প্ৰতিবেদনত উল্লেখ কৰিম।

৩০ এপ্ৰিলৰ নিৰ্দেশনাত এই চাৰিধৰণৰ মাপদণ্ড কিদৰে একত্ৰিত কৰি বাধা-নিষেধ প্ৰত্যাহাৰ কৰা হ’ব সেই সন্দৰ্ভত কেন্দ্ৰই ৰাজ্যসমূহক একো কথাই জানিবলৈ নিদিলে। স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশত কেৱল কোৱা হ’ল, 'এয়া লগতে উল্লেখ কৰা হয় যে ঠাইসমূহৰ পৰা প্ৰাপ্ত মতামত আৰু ৰাজ্যিক পৰ্যায়ত অতিৰিক্ত বিশ্লেষণৰ জৰিয়তে ৰাজ্যসমূহে নিজাকৈ অঞ্চল বিশেষে ৰেড বা অৰেঞ্জ জ’ন নিৰ্ধাৰণ কৰিব পাৰিব। কিন্তু ৰাজ্যসমূহে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৰেড বা অৰেঞ্জ জ’ন হিচাপে চিহ্নিত কৰা জিলাসমূহৰ ক্ষেত্ৰত কোনো সালসলনি কৰিব নোৱাৰিব।’

এদিন পিছত অৰ্থাৎ ১ মে’ত স্বাস্থ্য মন্ত্ৰণালয়ে লকডাউন পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাত কোৱা হৈছে, 'ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা চিহ্নিত কৰা ৰেড জ’ন (হটস্পট) আৰু অৰেঞ্জ জ’নৰ কোনো সালসলনি কৰিব নোৱাৰিব।’ কিন্তু এয়া কিহৰ ভিত্তিত নিৰ্ধাৰণ কৰা হৈছে সেই সম্পৰ্কে ৰাজ্য চৰকাৰসমূহক সবিশেষ জনোৱাৰ পৰা বিৰত থাকে কেন্দ্ৰ চৰকাৰ।


কিছু সুযোগ হেৰাল

২৩ এপ্ৰিলত Article 14-এ কৰা আন এক অনুসন্ধানত প্ৰকাশ পাইছিল যে আইচিএমআৰে এপ্ৰিলৰ প্ৰথম সপ্তাহত চৰকাৰক বৃহৎ হাৰত 'সমূহীয়া সংক্ৰমণ’ সম্পৰ্কে সকীয়াই দিছিল আৰু লকডাউনৰ সময়য়ছোৱাক স্বাস্থ্যখণ্ডৰ আন্তঃগাথনি উন্নয়নৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল।

আইচিএমআৰে একাধিক বিজ্ঞানসন্মত পদ্ধতি যেনে ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰা, দুজন সন্দেহযুক্ত ক’ভিড-১৯ পজিটিভৰ এজনক লগে লগে কোৱাৰেণ্টাইন কৰাৰ বাবে সমূহীয়া পৰ্যবেক্ষণৰ আদি ব্যৱস্থা গ্ৰহণ কৰিবলৈকো কৈছিল। এনেধৰণৰ ব্যৱস্থা অবিহনে লকডাউনৰ পৰা ক্ষন্তেকীয়া পৰিত্ৰাণৰ বাদে আন কোনো সন্তোষজনক ফলাফল পোৱা নাযাব বুলিও স্পষ্টকৈ কৈছিল বিশেষজ্ঞসকলে।

২৪ এপ্ৰিলত প্ৰকাশিত আমাৰ প্ৰতিবেদন উল্লেখ কৰিছো যে বলপূৰ্বক লকডাউন সন্দৰ্ভত দিয়া আইচিএমআৰৰ পূৰ্বৰ সকীয়নিক চৰকাৰে ইতিমধ্যে অৱজ্ঞা কৰিছে আৰু তাৰ পিছত এতিয়া সংস্থাটোৱে পুনৰ পৰামৰ্শ আগবঢ়াইছে। ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই বিশেষজ্ঞসকলে চৰকাৰক চীনৰ আৰ্হিৰ লকডাউন ভাৰতত কাৰ্যকৰী কৰাতো সম্ভৱ নহ’ব বুলি সকীয়াই দিছিল। তেনে লকডাউনে দীৰ্ঘম্যাদী সামাজিক, অৰ্থনৈতিক আৰু মানসিক প্ৰভাৱ পেলাব বুলিও কৈছিল বিশেষজ্ঞসকলে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে চৰকাৰক চিকিৎসাৰ আন্তঃগাথনি উন্নত কৰিবলৈ আৰু সমূহীয়া পৰ্যবেক্ষণ আৰু কোৱাৰেণ্টাইন ব্যৱস্থা উপলব্ধ কৰাবলৈ পৰামৰ্শ আগবঢ়াইছিল।

এনে সকীয়নিক অৱজ্ঞা কৰি বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ নকৰাকৈ চৰকাৰে দেশবাসীক মাত্ৰ ৪ ঘণ্টাৰ সময় দিয়েই ২৪ মাৰ্চত লকডাউন জাপি দিয়ে, যাৰ ফলত লক্ষ লক্ষ লোক গৃহহাৰা হৈ এসাজ ভাতৰ বাবে হাহাকাৰ কৰিবলৈ বাধ্য হৈ পৰে। যেতিয়া সমগ্ৰ লকডাউন ব্যৱস্থাটোৱেই অৰাজক হৈ পৰিছিল তেতিয়াও আইচিএমআৰৰ বিজ্ঞানীসকলে চৰকাৰক একাধিক বিজ্ঞানসন্মত ব্যৱস্থাৰ বিষয়ে অৱগত কৰিছিল।

বিজ্ঞানীসকলে কৈছে যে ভাইৰাছৰ সমূহীয়া সংক্ৰমণৰ বাবে দেশক সাজু কৰিবলৈ লকডাউনৰ সময়ৰ ফলপ্ৰসূ ব্যৱহাৰৰ ক্ষেত্ৰত উক্ত উপায়সমূহ কাৰ্যকৰী কৰাতো অপৰিহাৰ্য। একাংশ বিজ্ঞানীয়ে আকৌ সমূহীয়া সংক্ৰমণ ইতিমধ্যে দেখা গৈছে বুলিও মন্তব্য কৰিছে (ইয়াত আৰু ইয়াত)। এনে পৰিপ্ৰেক্ষিতত বিজ্ঞানীসকলে লকডাউন প্ৰত্যাহাৰ কৰিবলৈ 'ডিচিছন মেকিং ট্ৰী’ (পৰ্যায়ক্ৰম সিদ্ধান্ত)ৰ সহায় ল’বলৈকো পৰামৰ্শ আগবঢ়াইছে। কিন্তু চৰকাৰে এইবাৰো এই পৰামৰ্শসমূহ কাৰ্যকৰী নকৰিলে।

সম্প্ৰতি চৰকাৰে কৰা একাধিক ঘোষণা আৰু জাৰি কৰা নিৰ্দেশত দেখা গৈছে যে আইচিএমআৰৰ বিজ্ঞানীসকলৰ বিজ্ঞানসন্মত পৰামৰ্শ কাৰ্যকৰী নকৰাৰ পিছত এতিয়া চৰকাৰে অতি প্ৰতিক্ৰিয়াশীলভাৱে বিষয়টোৰ অন্ত পেলাবলৈ চেষ্টা চলাইছে।

'যদিও কোনো বিশেষ চিকিৎসা ব্যৱস্থা নাই, তথাপিও ঘটনাসমূহ চিনাক্ত কৰা আৰু আঁতৰাই ৰাখিবলৈ ইচ্ছা কৰা যায় তেতিয়াও ৰোগ নিৰ্ণয় কৰাতো দৰকাৰী হৈ পৰে।’-এইদৰে কয় পাব্লিক হেলথ ফাউণ্ডেশ্যন অব ইণ্ডিয়াৰ সভাপতি তথা ক’ভিড-১৯ৰ বাবে চৰকাৰে গঠন কৰি দিয়া টাস্ক ফৰ্চৰ সদস্য কে শ্ৰীনাথ ৰেড্ডিয়ে। তেওঁ আৰু কয়, 'সেয়ে সমগ্ৰ জ’নতে পৰ্যবেক্ষণ ব্যৱস্থাত সৰ্বাধিক গুৰুত্ব দিয়া উচিত।’

বিজ্ঞানসন্মত পৰামৰ্শক আওকাণ

আইচিএমআৰৰ 'ডিচিছন মেকিং ট্ৰী’ সন্দৰ্ভত এপ্ৰিলৰ প্ৰথম সপ্তাহত চৰকাৰক অৱগত কৰাৰ সময়ত নিটি আয়োগৰ সদস্য বিনোদ কে পলে কৈছিল যে এই বিজ্ঞানীসকলে পৰামৰ্শ আগবঢ়োৱা সমগ্ৰ ব্যৱস্থা অৰ্থাৎ ঘৰে ঘৰে হৈ পৰ্যবেক্ষণ আৰু কোৱাৰেণ্টাইন কাৰ্যকৰী কৰিবলৈ চৰকাৰক আৰু এসপ্তাহ সময়ৰ প্ৰয়োজন হ’ব।

এই সময়ছোৱাত চৰকাৰে জনসাধাৰণক মহামাৰী নিয়ন্ত্ৰণলৈ অহা বুলি আশ্বাস দি আছিল, কিন্তু আভ্যন্তৰীণভাৱে চৰকাৰে এয়া স্বীকাৰ কৰিছিল যে মহামাৰীৰ আটাইতকৈ ভয়াৱহ ৰূপতো এতিয়াও অহা নাই, কিন্তু সেয়া অহাতো নিশ্চিত।

১৪ এপ্ৰিলত আইচিএমআৰৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱে ৰাজ্য চৰকাৰসমূহলৈ দিয়া এটা নোটত কৈছে, 'ক’ভিড-১৯ৰ ঘটনা ভাৰতত অতি দ্ৰুতগতিত বৃদ্ধি পাই আছে।’


(An advisory from ICMR to the states, on how to pool samples and more efficiently test for Covid-19, admits that cases are rising exponentially, no longer only through contact with those testing positive for Covid-19.)

সেইদিনাই কেন্দ্ৰই প্ৰথমবাৰৰ বাবে মাত্ৰ চাৰিটা মানদণ্ডৰ ওপৰত ভিত্তি কৰি জিলাসমূহক ৰেড, অৰেঞ্জ, আৰু গ্ৰীণ জ’নত ভাগ কৰাৰ কথা কৈছিল আৰু ৪ দিনৰ ভিতৰত ঘটনাৰ সংখ্যা দুগুণলৈ বৃদ্ধি পোৱা জিলাসমূহক ৰেড জ’ন হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছিল।

আনহাতে যিসমূহ অঞ্চলত যোৱা ২৮ দিন ধৰি কোনো নতুন সংক্ৰমণৰ ঘটনা পোৱা হোৱা নাই সেইসমূহ ঠাইক গ্ৰীণ জ’ন আৰু বাকী অঞ্চলসমূহক অৰেঞ্জ জ’ন হিচাপে ঘোষণা কৰাৰ কথাও কেন্দ্ৰই সদৰী কৰিছিল।

যদিহে ৰেড জ’নৰ অন্তৰ্গত জিলাত ১৪ দিনলৈ কোনো নতুন ঘটনা পোৱা নহয় তেন্তে সেয়া অৰেঞ্জ জ’ন হিচাপে চিহ্নিত হ’ব। ইয়াৰো ১৪ দিনৰ পিছত কোনো নতুন সংক্ৰমণৰ ঘটনা নাপালে জিলাখনক অৰেঞ্জৰ পৰা গ্ৰীণ জ’ন ঘোষণা কৰা হ’ব।

'বৰ্তমান বহু জিলাই কোনো সংক্ৰমণৰ নতুন ঘটনা পোৱা হোৱা নাই বুলি দাবী কৰিছে। হয়, তেওঁলোকে ঠিকেই দাবী কৰিছে। কিন্তু উক্ত জিলাসমূহত সংক্ৰমণ ধৰা পেলাবলৈ পৰ্যাপ্ত পৰিমাণে টেষ্ট আৰু পৰ্যবেক্ষণ কৰা হোৱা নাই।’-এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক চৰকাৰে গঠন কৰি দিয়া টাস্ক ফ’ৰ্চৰ এজন সদস্যই। তেওঁ আৰু কয়, 'জিলাখনত বহুদিন নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ নহাৰ অৰ্থ এয়া নহয় যে তাত ক’ভিড-১৯ত আক্ৰান্ত কোনো লোক নাই।’  

উদাহৰণ হিচাপে ত্ৰিপুৰাৰ কথাকে ক’ব পাৰি। মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ২৩ এপ্ৰিলত ৰাজ্যখনৰ ক’ভিড-১৯ ৰোগী দুজনৰ চিকিৎসাৰ অন্তত দ্বিতীয় পৰীক্ষাত নিগেটিভ অহাৰ পিছতে ঘোষণা কৰিছিল যে ত্ৰিপুৰা এতিয়া কৰ’না মুক্ত হৈ পৰিছে। ইয়াৰ পিছৰ দুটা সপ্তাহত বিএছএফৰ লোকসকল টেষ্ট কৰাৰ লগে লগে ৰাজ্যখনত পজিটিভ লোকৰ সংখ্যা বৃদ্ধি পাই হয়গৈ ৬২ জন। ১০ মে’ত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি পায়

লকডাউনৰ দ্বিতীয় পৰ্যায়ত ১৫ এপ্ৰিলৰ পৰা ১ মে’ৰ সময়ছোৱাত চৰকাৰে দেশজুৰি বাদেই, প্ৰধান চহৰসমূহতো ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ আৰু ক’ভিট-১৯ৰ লক্ষণ দেখা দিয়াসকলক আইচিএমআৰে ফেব্ৰুৱাৰী মাহতে আগবঢ়োৱা পৰামৰ্শ অনুযায়ী কোৱাৰেণ্টাইনৰ ব্যৱস্থা নকৰিলে। ইয়াৰ পৰিৱৰ্তে চৰকাৰে আক্ৰান্তৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ১৭ এপ্ৰিলৰ পিছত সেয়া কিছুমান ঠাইতে সীমাৱদ্ধ কৰি ৰাখে।

'অন্ধ্ৰ প্ৰদেশ আৰু কেৰালাত ৱাৰ্ড আৰু গাঁৱত স্বেচ্ছাসেৱকসকলে ঘৰে ঘৰে গৈ প্ৰতি সপ্তাহত কোনো লোকৰ দেহত লক্ষণ দেখা দিছে নেকি সেয়া পৰ্যবেক্ষণ কৰিছে।’-ৰেড্ডিয়ে কয়। 'এয়া কৰিবলৈ চিকিৎসকৰ প্ৰয়োজন নহয়। স্বেচ্ছাসেৱক আৰু আশাকৰ্মীসকলেই সেয়া কৰিব পাৰে।’-তেওঁ কয়।

আনহাতে টেষ্টিঙৰ হাৰ সমগ্ৰ দেশতে যেতিয়াই বৃদ্ধি পাইছে, তেতিয়াই এয়া স্পষ্ট হৈ পৰিছে যে চৰকাৰে হাতত লোৱা ব্যৱস্থাসমূহ ব্যৰ্থ হৈছে। দ্বিতীয় পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ শেষলৈকে মহামাৰীয়ে পূৰ্বতকৈ ভয়াৱহভাৱে বিয়পি পৰিছিল। ১৪ এপ্ৰিলত ভাৰতত সক্ৰিয় ঘটনা আছিল ১২ হাজাৰ, ৩০ এপ্ৰিলত আছিল ৩৩ হাজাৰ আৰু ৯ মে’ত সেয়া হয়গৈ ৬০ হাজাৰ। একেদৰে লকডাউনৰ ফলত অৰ্থনীতিত পৰা বিৰূপ প্ৰভাৱো দিন যোৱাৰ লগে লগে আৰু বাঢ়ি গৈছে।

এইবোৰৰ মাজতে চৰকাৰে পুনৰবাৰ পদ্ধতি সলনি কৰে।

নতুন মাপদণ্ড

১ মে’ত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ১২ পৃষ্ঠাৰ এক নিৰ্দেশনাযোগে জ’নৰ শ্ৰেণীবিভাগৰ বিষয়ে উল্লেখ কৰে আৰু তাত জ’ন নিৰ্ধাৰণৰ পদ্ধতি পূৰ্বৰ এটাৰ পৰা ৪টালৈ বৃদ্ধি কৰে।

'সক্ৰিয় সংক্ৰমণৰ সংখ্যা, নিশ্চিত সংক্ৰমণৰ ঘটনা বৃদ্ধিৰ হাৰ দুগুম হোৱা সময়, টেষ্টিঙৰ প্ৰসাৰ আৰু পৰ্যবেক্ষণৰ অন্তত লাভ কৰা ফলাফলৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জিলাসমূহক ৰেড জ’ন বা হটস্পট ঘোষণা কৰিব।’-এইদৰে কোৱা হৈছে নিৰ্দেশনাত।

কিন্তু চৰকাৰে এই নিৰ্দেশনাত তথা ৰাজ্যসমূহলৈ সুকীয়াকৈ প্ৰেৰণ কৰা বাৰ্তাতো এই মাপদণ্ডসমূহ কিয় গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে লকডাউন শিথিল কৰা বা প্ৰত্যাহাৰ কৰা সম্পৰ্কে কেনেধৰণে সিদ্ধান্ত লোৱা হ’ব আৰু আটাইবোৰ বিষয় কেনেদৰে সম্পৰ্কিত হৈ আছে সেই বিষয়ে বিশদভাৱে উল্লেখ কৰা নাই।

'সংক্ৰমণৰ সৰ্বোচ্চ সময়ত উপলব্ধ ক্ষমতাতকৈ চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া আৰু কোৱাৰেণ্টাইন কৰাবলগীয়া হোৱা লোকৰ সংখ্যা যাতে কম হৈ থাকে সেয়া সুনিশ্চিত কৰিবলৈকে লকডাউন ঘোষণা কৰা হৈছে। জিলাসমূহত উপলব্ধ স্বাস্থ্য ব্যৱস্থা আৰু কোৱাৰেণ্টাইনৰ ক্ষমতা আদিৰ বিষয়ে অৱগত নোহোৱাকৈ উপৰোক্ত মাপদণ্ডসমূহক বিবেচনালৈ আনি একো লাভ নাই।’-জ’ন নিৰ্ধাৰণৰ পদ্ধতিক পুনৰ বিবেচনা কৰি চাবলৈ অনুৰোধ জনোৱা ৰাজ্য এখনৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শীৰ্ষ বিষয়াই এইদৰে কয়। বিষয়াগৰাকীয়ে ৰাজ্যখনৰ নাম উল্লেখ নকৰিবলৈকো আমাক অনুৰোধ জনাইছে।

'যদিহে এক নিৰ্দিষ্ট সময়ত এখন জিলাত মাত্ৰ ৫০ খন হাস্পতাল বেড থাকে আৰু আক্ৰান্তৰ সংখ্যা ৫০০ জন হয় তেন্তে পৰিস্থিতি জটিল হৈ পৰিব।’-বিষয়াগৰাকীয়ে কয়। 'সেই সংখ্যা কোনো সমস্যা নহ’ব যদিহে জিলাখনত বিছনাৰ সংখ্যা ১০০০ হয়, আৰু দিনে দিনে সংক্ৰমণৰ হাৰ হ্ৰাস পাবলৈ ধৰে। এনে পৰিস্থিতিত লকডাউন শিথিল কৰাৰ বিষয়ে ভাবিব পাৰি। কিন্তু কেন্দ্ৰ চৰকাৰে দিয়া নিৰ্দেশনাত এই মাপদণ্ডসমূহ কেনেদৰে ব্যৱহাৰ কৰা হ’ব সেই সম্পৰ্কে কোনো স্পষ্ট ধাৰণা আমাক দিয়াত ব্যৰ্থ হৈছে।’-তেওঁ কয়।

মাপদণ্ড হিচাপে পৰ্যবেক্ষণ

৩০ এপ্ৰিলৰ চৰকাৰ নিৰ্দেশনালৈ চাই বিশেষজ্ঞসকলে কৈছে যে আইচিএমআৰে ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰিবলৈ যি পৰামৰ্শ আগবঢ়াইছে তাৰ সৈতে মাপদণ্ডত উল্লেখ কৰা পৰ্যবেক্ষণৰ পৰা লাভ কৰা ফলাফলৰ কি সম্পৰ্ক আছে সেই সম্পৰ্কে ঠাৱৰ কৰাতো কঠিন হৈ পৰিছে। চৰকাৰে নিৰ্দেশনাত উল্লেখ কৰা পৰ্যবেক্ষণ শব্দটোৰ আইচিএমআৰে কোৱা ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰাৰ সৈতে কিমান মিল আছে নে নাই বুলি জানিবলৈ আমাৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছিল। কিন্তু চৰকাৰৰ তৰফৰ পৰা সেই সম্পৰ্কে কোনো উত্তৰ পোৱা নগ’ল।

আইচিএমআৰে সমগ্ৰ দেশৰ ৭০০ খন জিলাত সপ্তাহত দুবাৰকৈ ঘৰে ঘৰে গৈ ক’ভিড-১৯ৰ লক্ষণ দেখা দিয়াসকলক চিহ্নিত কৰাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এটা অঞ্চলত বৃহৎ পৰিসৰত সংক্ৰমণৰ হাৰ সম্পৰ্কে নিশ্চিত হ’বলৈ সম্ভাৱ্য ক’ভিড-১৯ ৰোগীসকলৰ পৰীক্ষা কৰিবলৈ হাস্পতাল, ক্লিনিক আৰু শিবিৰত 'বিশেষ পৰ্যবেক্ষণ’ (sentinel surveillance) ব্যৱস্থা কৰিবলৈকো আইচিএমআৰে পৰামৰ্শ আগবঢ়াইছিল।

কোনোধৰণৰ ঘটনা নথকা ঠাইসমূহত sentinel surveillanceৰ জৰিয়তে চিকিৎসালয়লৈ যোৱা লোকসকলক কৰ’না ভাইৰাছ প্ৰতিৰোধৰ ক্ষমতা কিমান হৈছে সেয়া চাবলৈ টেষ্টৰ ব্যৱস্থা কৰা উচিত। এনে কৰিলে ক’ভিড-১৯ৰ ঘটনা পুনৰ ধৰা পৰাতো নিশ্চিত কৰিব পৰা যাব।

কেন্দ্ৰীয় চৰকাৰে ১৭ এপ্ৰিলৰ এক নিৰ্দেশনাত সমগ্ৰ জিলাখনৰ পৰিৱৰ্তে কেৱল অতি কমেও এটা পজিটিভৰ ঘটনা থকা কনটেইনমেণ্ট অঞ্চলতহে ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰাতো বাধ্যতামূলক কৰিছে। তাত উক্ত অঞ্চলটো ছীল কৰি 'সক্ৰিয়া ঘটনাৰ সন্ধান’ কৰাৰ কথাও কোৱা হৈছে।

কেন্দ্ৰই আৰম্ভণিতে মহামাৰী বিয়পি পৰিব পৰা নগৰ অঞ্চলসমূহক কনটেইনমেণ্ট জ’ন হিচাপে চিহ্নিত কৰিছিল। ৩০ এপ্ৰিলত কেন্দ্ৰই কনটেইনমেণ্ট জ’নৰ সংজ্ঞা পুনৰ সলনি কৰে আৰু সেয়া অট্টালিক, চুবুৰী, পথ আৰু আৰক্ষী থানা এলেকাও হ’ব পাৰে বুলি কয়।

'মই ভাবো যে আইচিএমআৰৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে বহু পলম হৈ গৈছে।’-এইদৰে কয় আইচিএমআৰ তথা টাস্ক ফ’ৰ্চৰ এজন সদস্যই। তেওঁ আৰু কয়, 'লকডাউনে দেশলৈ ভয়াৱহ অৰ্থনৈতিক বিপৰ্যয় কঢ়িয়াই আনিছে আৰু চৰকাৰে মহামাৰীৰ মুখামুখি কৰিবলৈ আন উপায় হাতত লৈছে। লকডাউন প্ৰত্যাহাৰ কৰাৰ পূৰ্বে আইচিএমআৰে কোৱা ধৰণে ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰা, কোৱাৰেণ্টাইন আৰু অন্যান্য স্বাস্থ্যজনিত সুবিধা উপলব্ধ  কৰাতো হৈ উঠিব নে নাই সেয়া অনুমান কৰাতো কঠিন হৈ পৰিছে। মই ভাবো চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক এক অন্য দৃষ্টিভংগী বুলিয়েই ধৰিব পাৰি।’

উল্লেখ্য যে অন্ধ্ৰ প্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰকে আদি কৰি কেইখনমান ৰাজ্যই ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ আৰম্ভ কৰিছে যদিও সেয়া সম্পূৰ্ণ ৰূপে হৈ উঠা নাই। দিল্লীত ঘৰে ঘৰে গৈ পৰ্যবেক্ষণ কৰাতো আৰম্ভ হৈছে বুলি ৰাজ্য চৰকাৰৰ এক সূত্ৰই আমাক জনাইছে। আইচিএমআৰে লক্ষণ দেখা দিয়া সকলোকে কোৱাৰেণ্টাইন কৰিবলৈ কৈছে আৰু ঘৰতে পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিন্তু দিল্লী চৰকাৰে গুৰুতৰ লক্ষণ দেখা দিয়াসকলক আৰু পজিটিভ ধৰা পৰাসকলকহে কোৱাৰেণ্টাইন কৰিছে।

এই প্ৰতিবেদনৰ পৰৱৰ্তী অংশত ভাৰতৰ ৭০০ জিলাত ক’ভিড-১৯ৰ সংক্ৰমণ বন্ধ কৰিবলৈ চৰকাৰে কি কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু চৰকাৰৰ হাতত এই সম্পৰ্কে কি বিশেষ তথ্য আছে সেই সম্পৰ্কে প্ৰকাশ পাব।

 

___________________

This is the first of a two-part series. The original version, in English,  of this series is cab be read at www.Article-14.com

Author info

Nitin Sethi's picture

Add new comment

Random Stories

Mild quake hits Nagaland

1 Sep 2017 - 11:41am | AT News
A low intensity 3.0 earthquake jolted the north eastern state of Nagaland  on Friday striking panic button for many people who feared the rerun of the 2015 jolt in Manipur.  The...

Talent search exam results declared

4 Nov 2017 - 10:25pm | AT Kokrajhar Bureau
The All Bodo Students’ Union(ABSU) on Saturday declared results of 4th central talent search examination-2017 at Bodofa House in Kokrajhar, which was conducted by the students’ union on October 8 in...

India Dominates Asian Kho Kho Championship with Wins Against Opponents

22 Mar 2023 - 11:00pm | AT Kokrajhar Bureau
On the second day of the fourth Asian Kho Kho Championships at Tamulpur in Baksa district of Bodoland Territorial Region (BTR), India continued its dominant performance. Both Indian men and women...

AASU protest against Cong

30 Jan 2014 - 2:11pm | AT News
AASU activists across the state on Thursday staged dharna in protest against the fielding of Sanjay Singh in the Rajya Sabha polls.Students in districts and sub divisional headquarters hanged ...

Other Contents by Author

নতুন দিল্লী: মাহজাতীয় শস্যৰ নিলাম তথা বিতৰণ প্ৰক্ৰিয়াৰ নামত সমগ্ৰ দেশতে সংঘটিত হৈ আহিছে বৃহত অনিয়ম। কেন্দ্ৰ চৰকাৰৰ নতুন নিলাম নীতিৰ সুযোগ লৈ মিলিং কোম্পানীৰ একাংশ মালিকে দৰিদ্ৰ জনসাধাৰণক বঞ্চিত কৰি অনৈতিক উপায়েৰে অধিক মুনাফা অৰ্জন কৰাৰ ভয়ংকৰ তথ্য কভিড কালৰ মাজতে পোহৰলৈ অহাত দেশজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ২০১৭ চনৰ পৰা, কল্যাণমূলক আঁচনিৰ অধীনত মাহজাতীয় শস্য মিলিং আৰু বিতৰণৰ বাবে মিলাৰসকলক বাছনি কৰা চৰকাৰৰ ক্ৰয় সংস্থা নাফেডে আধাৰ মূল্য নিৰ্ধাৰণ নকৰাকৈ এহাজাৰৰো অধিক নিলাম অনুষ্ঠিত কৰে। এই নিলামৰ জৰিয়তে চৰকাৰী নিয়ম উলংঘা কৰি দেশৰ নিৰন্ন জনতাক মাধমাৰ শোধাই ৫.৪ লাখ টন মাহজাতীয় শস্য মিলিঙৰ নামত মিলাৰবোৰে চাৰি বছৰত কমেও ৪৬০০ কোটিৰো অধিক মুনাফা আদায় কৰাৰ তথ্য পোহৰলৈ আহিছে। কেবাখনো...
মৃদুলা ছাৰি আৰু নিতিন সেঠী মুম্বাইঃ ক’ভিড-১৯ মহামাৰীৰ তীব্ৰতাৰ ধাৰণা কৰিবলৈ আৰু লকডাউন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে যিসমূহ মাপদণ্ড ব্যৱহাৰ কৰিছিল সেইসমূহ আছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ চমুকৈ আইচিএমআৰৰ অসম্পূৰ্ণ তথ্যৰ আধাৰত প্ৰস্তুত কৰা। Article 14-এ লাভ কৰা তথ্যত এয়া স্পষ্ট হৈ পৰিছে। ভাৰতত প্ৰথম ক’ভিড-১৯ৰ ঘটনা পোহৰলৈ অহাৰ ১০৭ দিন পিছত কেন্দ্ৰই ১৪ মে’ত ৭৮০০০ জন লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি জনাইছে, কিন্তু চৰকাৰে কোৱা 'একমাত্ৰ নিৰ্ভৰযোগ্য তথ্যৰ উৎস’ আইচিএমআৰৰ ডাটাবেছ অপ্ৰামাণীকৃত তথ্য, ভুল নাম আৰু আন ধৰণৰ তথ্য সংগ্ৰহৰ ভুলেৰে ভৰি থকাতো আমাৰ অনুসন্ধানত পোহৰলৈ আহিছে। ২৯ এপ্ৰিলৰ দিনা চৰকাৰে জনোৱা আইচিএমআৰৰ তথ্যত ৫০২৪টা ভিন্ন ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা আৰু ৰাজ্যসমূহে ব্যৱহাৰ কৰা...
নিতিন সেঠী আৰু কুমাৰ সম্ভৱ শ্ৰীৱাস্তৱ নতুন দিল্লীঃ আভ্যন্তৰীণ বৈঠক আৰু প্ৰেজেণ্টেশ্যনৰ তথ্য অনুযায়ী বিজ্ঞানীসকলে কৰ’না মহামাৰীক লৈ সাজু হ’বলৈ সকীয়নি দি অহাৰ পিছতো ভাৰত চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণত যে বিলম্ব কৰিছিল সেয়া Article14-এ জানিব পাৰিছে। 'ব্যৱস্থা গ্ৰহণ কৰিলে সকলো ঠিকেই থাকিব।’-যোৱা ২৯ মাৰ্চত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ভেষজ বিভাগৰ মূৰব্বী নবীত উইগে চৰকাৰে গঠন কৰি দিয়া স্বাস্থ্য বিশেষজ্ঞৰ টাস্ক ফৰ্চৰ সদস্যসকলৰ আগত এইদৰে কৈছিল। 'এই বৈঠক বহু সময় ধৰি চলিছিল আৰু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। আমি সত্যতো ক’বই লাগিব।’-তেওঁ কয়। 'যদিহে আমি মুম্বাই, পুণে, দিল্লী অথবা বাংগালুৰুৰ লোকসকলক তেওঁলোকৰ নিজৰ চহৰত কি ঘটি আছে সেয়া ক’বলৈ সমৰ্থ নহয়, তেন্তে ৭০০ খন জিলাক কেনেকৈ...
নিতিন সেঠী আৰু কুমাৰ সম্ভৱ শ্ৰীৱাস্তৱ   নতুন দিল্লী: ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  যোৱা ২৪ মাৰ্চত সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ ঠিক এসপ্তাহ পিছতে দেশৰ আগশাৰীৰ স্বাস্থ্য সংস্থা ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰ-এ চৰকাৰক সাৱধান কৰি দিছিল যে ক’ভিড-১৯ মহামাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত লকডাউনৰ প্ৰভাৱ তেনেই সামান্য আৰু ক্ষণস্থায়ী হোৱাৰ লগতে এই লকডাউন কেৱল ২০-২৫ শতাংশ সংক্ৰমণ প্ৰতিৰোধতহে সহায়ক হ’ব।    চিকিৎসা বিজ্ঞানীসকলে চৰকাৰক সকীয়াই দিছিল যে মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে যদি আন বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰে তেন্তে লকডাউনৰ প্ৰভাৱ তেনেই সামান্য আৰু "ক্ষণস্থায়ী" হোৱাতো নিশ্চিত।  আইচিএমআৰে ৰাজহুৱা নকৰিলেও তেওঁলোকৰ নিজাববীয়া এক অধ্যায়নৰ...