মৃদুলা ছাৰি আৰু নিতিন সেঠী
মুম্বাইঃ ক’ভিড-১৯ মহামাৰীৰ তীব্ৰতাৰ ধাৰণা কৰিবলৈ আৰু লকডাউন প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰে যিসমূহ মাপদণ্ড ব্যৱহাৰ কৰিছিল সেইসমূহ আছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চ চমুকৈ আইচিএমআৰৰ অসম্পূৰ্ণ তথ্যৰ আধাৰত প্ৰস্তুত কৰা। Article 14-এ লাভ কৰা তথ্যত এয়া স্পষ্ট হৈ পৰিছে।
ভাৰতত প্ৰথম ক’ভিড-১৯ৰ ঘটনা পোহৰলৈ অহাৰ ১০৭ দিন পিছত কেন্দ্ৰই ১৪ মে’ত ৭৮০০০ জন লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি জনাইছে, কিন্তু চৰকাৰে কোৱা 'একমাত্ৰ নিৰ্ভৰযোগ্য তথ্যৰ উৎস’ আইচিএমআৰৰ ডাটাবেছ অপ্ৰামাণীকৃত তথ্য, ভুল নাম আৰু আন ধৰণৰ তথ্য সংগ্ৰহৰ ভুলেৰে ভৰি থকাতো আমাৰ অনুসন্ধানত পোহৰলৈ আহিছে।
২৯ এপ্ৰিলৰ দিনা চৰকাৰে জনোৱা আইচিএমআৰৰ তথ্যত ৫০২৪টা ভিন্ন ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা আৰু ৰাজ্যসমূহে ব্যৱহাৰ কৰা নেশ্যনেল চেণ্টাৰ ফৰ ডিজিছ কণ্ট্ৰ’ল চমুকৈ এনচিডিচিৰ ডাটাবেছৰ মাজত আছিল যথেষ্ট পাৰ্থক্য। মাত্ৰ ৫ খন ৰাজ্যৰ তথ্য একে হোৱাৰ বিপৰীতে বাকীসমূহ ৰাজ্যৰ তথ্যৰ ক্ষেত্ৰত দেখা গৈছিল ভিন্ন সংখ্যা।
Article 14ৰ হাতত আহি পৰিছে আইচিএমআৰে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা এক পাৱাৰপইণ্টপ্ৰেজেণ্টেশ্যন। এই পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যনত আইচিএমআৰে ৰাজ্যসমূহক ৭৩৯ খন ভিন্ন জিলাৰ ৩৩,০১৪ টা ৰেকৰ্ডৰ ঠিকনাকে আদি কৰি ৰৈ যোৱা একাধিক বিংসগতিৰ ৩ দিনৰ ভিতৰত পুনৰ পৰীক্ষা কৰিবলৈ কৈছিল।
আইচিএমআৰৰ এই নিৰ্দেশনাৱলীত কোৱা হৈছে, “২ মেৰ সন্ধিয়া ৬ বজাৰ পূৰ্বে ক’ভিড ইণ্ডিয়া পৰ্টেলত থকা ৰোগীসমূহৰ সবিশেষ তথ্য যেনে ফোন নম্বৰ, ঠিকনা, পিনকোড আদিৰ ভেৰিফাই আৰু আপডেটৰ ব্যৱস্থা কৰক। ৰৈ যোৱা ঘটনা আৰু একে ঘটনাসমূহো চিনাক্ত কৰি মেইলযোগে জনাওক।’’ এনেদৰে আইচিএমআৰে ৰাজ্যসমূহক ৩৩,০১৪টা ঘটনাৰ তথ্যৰ বিভ্ৰান্তি আৰু অন্যান্য বিসংগতি আতৰাবলৈ ২৯ এপ্ৰিলত নিৰ্দেশ দিছিল।
ফেব্ৰুৱাৰীত ক’ভিড-১৯ৰ আইচিএমআৰে আৰম্ভ কৰা ডাটাবেছৰ ওপৰত ভিত্তি কৰিয়েই কেন্দ্ৰ চৰকাৰে দেশৰ ৭৩৯ খন জিলাৰ ক’ত লকডাউন শিথিল কৰা হ’ব আদি বিষয়ক লৈ নীতি নিৰ্ধাৰণ কৰিছিল। কিন্তু দ্বিতীয়বাৰৰ বাবে লকডাউন বৃদ্ধি কৰা সময়ত অৰ্থাৎ ১ মে’লৈকো আইচিএমআৰৰ ডাটাবেছত দেখা গৈছিল একাধিক বিসংগতি।
নিয়ম তথা পদ্ধতিৰ অনিশ্চিত সংশোধন
Article14-এ লাভ কৰা সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ পৰা তথ্য সংগ্ৰহ কৰাৰ ক্ষেত্ৰত আইচিএমআৰে মাৰ্চ আৰু এপ্ৰিলৰ লগতে মে’ মাহৰ প্ৰথম সপ্তাহতো প্ৰট’কল, পদ্ধতি আৰু প্ৰক্ৰিয়া সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে কৰিবলগীয়া যোগাযোগ ব্যৱস্থা সম্পৰ্কীয় আৰু অন্যান্য তথ্যৰ ক্ষেত্ৰতো আইচিএমআৰে কোনোধৰণৰ নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷
আইচিএমআৰে বাৰে বাৰে এইবোৰৰ সালসলনি আৰু সংশোধন ঘটাই থকাৰ ফলত মহামাৰীবিধৰ বিৰুদ্ধে সমুখৰ পৰা যুঁজ অব্যাহত ৰখা স্বাস্থ্যকৰ্মীসকলৰ লগতে ৰাজ্যসমূহৰ প্ৰশাসন ব্যৱস্থাৰ সৈতে জড়িতসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷
‘নিৰ্দেশনাৱালী আহিছে আৰু সলনি হৈ আছে’-তামিলনাডুৰ জনস্বাস্থ্য বিভাগৰ পৰা কেইদিনমানপূৰ্বে সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা কে কলান্দস্বামীয়ে এইদৰে কয়৷ তেওঁ আৰু কয়, ‘আমি অতিষ্ঠ হৈ পৰিছিলো৷ ইমান সংশোধন, আনকি বিৱৰণতো সঘন পৰিৱৰ্তন৷’
আইচিএমআৰৰ ডাটাবেছত ডুপ্লিকেট নামো আছে। আমি বহু ভুল আৰু অস্পষ্ট ফোন নম্বৰ তথা ঠিকনা পাইছো।-Article 14 ক যোৱা ৩ মেত এইদৰে কয় দেশৰ পূৱ প্ৰান্তৰ এখন ৰাজ্যৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী জ্যেষ্ঠ বিষয়াই।
পশ্চিম প্ৰান্তৰ নাম প্ৰকাশত অনিচ্ছুক আন এগৰাকী বিষয়াই Article 14 ক কয়, "কেতিয়াবা এজন লোকক এখন জিলাত টেষ্ট কৰা হয়, কিন্তু লোকজন আহে আন এখন জিলাৰ পৰা আৰু প্ৰকৃততে তেওঁৰ ঘৰ আকৌ আৰু এখন বেলেগ জিলাতহে হয়। এনেবোৰ বিষয়ৰ সত্যাসত্য আৰু শুদ্ধতা কেৱল ৰাজ্যসমূহেহে নিৰ্ণয় কৰিব পাৰে। পিছে বৰ্তমানলৈকে এনে বিষয়বোৰ চোৱা-চিতা কৰিবলৈ আইচিএমআৰে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনক অনুমতি দিয়া নাই। "
Article 14 -এই সন্দৰ্ভত অধিক জানিবলৈ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন, স্বাস্থ্য সচিব প্ৰীতি ছুডান, আইচিএমআৰৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱ আৰু আইচিএমআৰৰ মহামাৰী আৰু সংক্ৰমণ ৰোগ বিভাগৰ মূৰব্বী ৰমন গংগাখেদকাৰলৈ মেইল প্ৰেৰণ কৰিছে।
(ICMR’s 29 April presentation asking states to confirm details of more than 33,000 records on Covid19 positive citizens in 3 days)
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে আমাৰ মেইলটো বাকীসকললৈ ফৰৱাৰ্ড কৰি দিছে। লগতে আমালৈ আইচিএমআৰৰ সঞ্চালক প্ৰধানে প্ৰত্যুত্তৰ প্ৰেৰণ কৰি কৈছে, “বিষয়টো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ সৈতেহে জড়িত, আইচিএমআৰৰ সৈতে নহয়।” ভাৰ্গৱে আইচিএমআৰ সন্দৰ্ভত সোধা প্ৰশ্নটো অৱশ্যে এৰাই চলে। এই বিষয়ে আৰু অধিক জনালে সেয়া সংযোগ কৰা হব।
দুটা ডাটাবেছৰ কাহিনী
আইচিএমআৰে জানুৱাৰীত কভিড-১৯ তীব্ৰ হবলৈ ধৰাৰ পিছতহে পৰ্যবেক্ষণ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰণালয়ৰ আন এটা শাখা এনচিডিচিয়ে the Integrated Disease Surveillance Programme চমুকৈ আইডিএছপিৰ জৰিয়তে মহামাৰী সদৃশ ৰোগৰ ডাটাবেছ প্ৰস্তুত কৰাৰ সৈতে জড়িত আছিল।
সাধাৰণতে সমুখৰ পৰা কাম কৰা স্বাস্থ্য কৰ্মী, গাঁও, নগৰ, জিলা আৰু ৰাজ্য পৰ্যায়ৰ তৃণমূল কৰ্মীসকলৰ জৰিয়তে আহৰণ কৰা তথ্যৰ জৰিয়তে প্ৰস্তুত কৰা আইডিএছপিৰ ডাটাবেছৰ ওপৰত ভিত্তি কৰিয়েই মূলত ৰাজ্য চৰকাৰসমূহে মহামাৰী সদৃশ ৰোগৰ মোকাবিলা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে।
যেতিয়া কভিড-১৯ মহামাৰী আৰম্ভ হয়, কেন্দ্ৰই আইচিএমআৰক তথ্য সংগ্ৰহ কৰাৰ দায়িত্ব অৰ্পণ কৰে। আইচিএমআৰে তেতিয়া পোনপটীয়াকৈ কভিড-১৯ৰ পৰীক্ষা কৰা লেবৰেটৰীৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। এই লেবৰেটৰীসমূহে ই ৰাজ্যৰ প্ৰশাসনকো পজিটিভ ঘটনাসমূহৰ বিষয়ে অৱগত কৰি আহিছে বুলি জানিব পৰা গৈছে।
সমান্তৰালভাৱে এনচিডিচিয়েও ৰাজ্য চৰকাৰসমূহৰ দায়িত্বশীল কৰ্মচাৰীসকলৰ জৰিয়তে লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি নিজাববীয়াকৈ তথ্য সংগ্ৰহ অব্যাহত ৰাখে। ৰাজ্য চৰকাৰসমূহেও কভিড-১৯ৰ তৃণমূল পৰ্যায়ৰ পৰিস্থিতিৰ সবিশেষ জানিবলৈ আৰু খৰতকীয়া সিদ্ধান্ত লবলৈ এই ডাটাবেছ ব্যৱহাৰ কৰা দেখা গৈছে।
“আমাৰ প্ৰতিখন জিলাতে আইডিএছপি নেটৱৰ্ক আছে।”-এইদৰে কয় পূৰ্বতে উল্লেখ কৰা এগৰাকী বিষয়াই। তেওঁ আৰু কয়, “আমাৰ জিলা পৰ্যবেক্ষণ বিষয়া আৰু মহামাৰী বিশেষজ্ঞ আছে। এয়া হৈছে সেই নেটৱৰ্ক যাক আমি সততে ব্যৱহাৰ কৰো। ”
আইডিএছপি নেটৱৰ্কত পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱ আছে। তালৈ চাই আইচিএমআৰে ৭ এপ্ৰিলত ৰাজ্যসমূহক সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো কৈছে। অৱশ্যে সেয়া হলেও প্ৰথম পৰ্যায়ৰ আৰু তৃণমূল পৰ্যায়ৰ তথ্য সংগ্ৰহৰ নিৰ্দিষ্ট প্ৰটোকল আছে আৰু ৰাজ্য চৰকাৰসমূহক সময়মতে তথ্যৰ যোগান ধৰি আহিছে।
আইচিএমআৰৰ ডাটাবেছ হৈছে টেষ্টিং লেবৰেটৰীৰ পৰা সংগ্ৰহ কৰা দ্বিতীয় পৰ্যায়ৰ তথ্যৰে পৰিপূৰ্ণ। দুয়োটা ডাটাবেছ কভিড-১৯ মহামাৰীৰ সময়ত কেতিয়াও একে হোৱাতো পৰিলক্ষিত হোৱা নাই।
উদাহৰণ হিচাপে ২৯ এপ্ৰিলত আইচিএমআৰে ত্ৰিপুৰাত এনচিডিচিতকৈ ৮৮ শতাংশ অধিক তথ্য দেখুৱাইছিল। সৰ্বাধিক ঘটনা থকা মহাৰাষ্ট্ৰত আইচিএমআৰু আৰু এনচিডিচিৰ তথ্যৰ পাৰ্থক্য হৈছে ১৬৭৮। দিল্লীত আইচিএমআৰে এনচিডিচিৰ তথ্যতকৈ ৪৮৪ টা ঘটনা কমকৈ দেখুৱাইছে। আইচিএমআৰ আৰু এনচিডিচিৰ তথ্যসমূহৰ মিল দেখা গৈছে মাত্ৰ ৫খন ৰাজ্যত, বাকীসমূহ ৰাজ্যত সকলোতে পাৰ্থক্য বিৰাজমান।
(ICMR’s 29 April presentation, showing the large differences with state’s information on Covid-19 patients)
বিসংগতি নহয়, ডিজাইনিঙৰ ক্ৰুটি
এপ্ৰিলৰ মাজভাগত বিভিন্ন সংবাদ মাধ্যমে তথ্যৰ বিসংগতি (ইয়াত অৰু ইয়াত) সম্পৰ্কে বাতৰি পৰিৱেশন কৰিছে। স্বাস্থ্য মন্ত্ৰণালয়ে ইয়াক ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ ডাটাবেছ নিয়মীয়াকৈ আপলোড কৰাৰ সময়ত হোৱা সাধাৰণ ভুল বুলি কৈ দায়িত্ব সামৰিছে।
কিন্তু Article14ৰ হাতত আহি পৰা তথ্যসমূহে দেখুৱাইছে এই ভুল সাধাৰণ নহয়, এয়া আচলতে ডিজাইনিঙৰ ক্ৰুটিৰ বাবেহে হৈছে।
২৯ এপ্ৰিলৰ পূৰ্বে আইচিএমআৰে ৰাজ্যসমূহক একাধিকবাৰ ডাটাবেছৰ সংশোধন কৰিবলৈ কৈ আহিছে, কিন্তু ৰাজ্য চৰকাৰসমূহে দাবী কৰিছে যে সেই ডাটা আপডেট কৰিবলৈ অনুৰোধ জনোৱা সত্বেও আইচিএমআৰে কৰা নাই।
''আইচিএমৰলৈ মই ডাটা আপডেট কৰিবলৈ অনুৰোধ জনাই কৰা মেইলৰ লাইন লাগিছে। কিন্তু তেওঁলোকে কোনো গুৰুত্বই দিয়া নাই ''-এইদৰে কয় পূৰ্বে উল্লেখ কৰা পূৱ প্ৰান্তৰ এখন ৰাজ্যৰ বিষয়াগৰাকীয়ে। "আমি দেখিছো যে পঞ্জাৱ আৰু দিল্লীত থকা লোককো আমাৰ ৰাজ্যৰ বুলি দেখুৱাইছে, কাৰণ তেওঁলোকে স্থায়ী ঠিকনা দিছিল আৰু বৰ্তমানৰ ঠিকনা দিয়া নাছিল।"-বিষয়াগৰাকীয়ে কয়।
যদিহে আইচিএমআৰে লেবৰেটৰীৰ ডাটা ব্যৱহাৰ কৰিছিল তেন্তে কিয় বিসংগতি হৈছে?
"আইচিএমআৰে লেবৰ পৰা পোনপটীয়াকৈ তথ্য সংগ্ৰহ কৰিছে আৰু প্ৰকৃত তথ্যৰ সন্ধান কৰা নাই। এয়াই সত্য। "-তেওঁ কয়। বিষয়াগৰাকীয়ে আৰু কয়, "বহুসময়ত একাংশ লোকে নিজৰ সম্পূৰ্ণ ঠিকনা নিদিয়ে। বিশেষকৈ লাঞ্চনা-গঞ্জনাৰ সন্মুখীন হোৱাৰ ভয়ত। বহুসময়ত আকৌ কৰ্তব্যৰত কৰ্মচাৰীসকলে সম্পূৰ্ণ ঠিকনা আদি পূৰণ কৰোতে ভুল কৰে। "
বিষয়াগৰাকীয়ে লেবৰেটৰীৰ পৰা সংগ্ৰহ কৰি ডাটাবেছ প্ৰস্তুত কৰা পদ্ধতিত হোৱা ভুল কেনেদৰে হয় আৰু সেয়া পৰ্যবেক্ষণ প্ৰক্ৰিয়াত থকা বিসংগতি সম্পৰ্কে উদাহৰণ দাঙি ধৰিছে।
"যদিহে ৰাজ্য প্ৰশাসনে বিচাৰে তেন্তে অসম্পূৰ্ণ তথ্য তৃণমূল পৰ্যায়ৰ পৰা পুনৰীক্ষণ কৰিব পৰা যায়। "-পশ্চিমৰ এখন ৰাজ্যৰ এগৰাকী বিষয়াৰ ভাষ্য। "কিন্তু আইচিএমআৰৰ ডাটাবেছত কোনোধৰণৰ পুনৰীক্ষণ নকৰাকৈ তথ্য সন্নিবিষ্ট কৰা হৈছে। ঘৰৰ ঠিকনাত বহু ক্ষেত্ৰত হাস্পতাল অথবা ক্লিনিকৰ নাম দিয়া হৈ আছে। একেদৰে দুবাৰ-তিনিবাৰ একেজন ব্যক্তিৰ পৰীক্ষা কৰিলেও সেয়া সুকীয়া ব্যক্তি হিচাপে দেখুওৱা হৈছে। কাৰণ তেওঁলোকৰ নাম আটাইকেইটা পৰীক্ষাৰ সময়ত লিখোতে কৰ্মচাৰীয়ে বানান বেলেগ বেলেগকৈ লিখিছে। "
"২৯ এপ্ৰিলৰ নিৰ্দেশত আইচিএমআৰে ৰাজ্য আৰু জিলাসমূহক এনে ভুল আৰু বিসংগতি ঠিক কৰিবলৈ অনুমতিও দিয়া নাই "-বিষয়াগৰাকীয়ে কয়।
Article14-এ আইচিএমআৰে লেব আৰু ৰাজ্যসমূহক "ICMR Specimen Referral Form for COVID-19" নামেৰে দিয়া ফৰ্মৰ কেবাটাও কপি লাভ কৰিছে। তাত দেখা গৈছে যে দুমাহৰ ভিতৰত এনে ফৰ্মত ১০ বাৰতকৈও অধিক বাৰ সালসলনি কৰা হৈছে।
(The 10th version of ICMR Specimen Referral Form for Covid-19 that labs and state health officials have to collect data in)
এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰ আৰু ৰাজ্যৰ একাধিক বিষয়াই আইচিএমআৰৰ ডাটা সংগ্ৰহ পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে, ইয়াৰ পৰিৱৰ্তে বহুতেই এনচিডিচিৰ ডাটা ব্যৱহাৰ কৰাও দেখা গৈছে। আইচিএমআৰেও ৰোগবিধৰ বিভিন্ন বিষয়ক লৈ কৰা বিশ্লেষণত এনচিডিচিৰ ডাটাই ব্যৱহাৰ কৰিছে।
"ৰোগবিধ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা থকা টেষ্টিং ব্যৱস্থাতেই বিসংগতি ৰৈ গৈছে আৰু এয়া চোৱা-চিতাৰ দায়িত্বত আছে আইচিএমআৰ "-পূৱ প্ৰান্তৰ ৰাজ্য এখনৰ এগৰাকী বিষয়াই কয়। তেওঁ আৰু কয়, "আইচিএমআৰৰ সকলোৱেই লেবৰ ওপৰত নিৰ্ভৰশীল, আনহাতে এনচিডিচিয়ে ফিল্ডলৈ গৈ সকলো পৰ্যবেক্ষণ কৰিছে। "
বিসংগতিপূৰ্ণ ডাটাবেছৰ বিৰূপ প্ৰভাৱ
আইচিএমআৰে ডাটা সংগ্ৰহৰ পদ্ধতি আৰু প্ৰক্ৰিয়াত ৰৈ যোৱা ভুল আতৰোৱাৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে ৰাজ্যসমূহে এপ্ৰিলৰ মাজভাগত কেন্দ্ৰক অভিযোগ দাখিল কৰিছে। ইয়াৰ পিছতে বিষয়টো অনাগত সময়ত চোৱা হব বুলি জনোৱা হৈছে।
২৯ এপ্ৰিলত আইচিএমআৰে ৰাজ্যসমূহক দুটা ডাটাবেছ ৫ দিনৰ ভিতৰত সংশোধন কৰিবলৈ কোৱা হৈছিল। লগতে তেতিয়াৰে পৰা কেৱল আইচিএমআৰৰ মূল ডাটাবেছকেই ৰোগীৰ তথ্যৰ ক্ষেত্ৰত একমাত্ৰ নিৰ্ভৰযোগ্য আৰু সত্য হিচাপে পৰিগণিত হব বুলিও কোৱা হৈছিল।
আমি পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰিছো যে ভাৰত চৰকাৰে ৭৩৯ খন জিলাক ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জনত ভাগ কৰিবলৈ আইচিএমআৰৰ ডাটাবেছকে ব্যৱহাৰ কৰিছিল।
১ মেত সেই একে ডাটাবেছ ব্যৱহাৰ কৰিয়েই ৰেড জন চিহ্নিত হোৱা জিলাসমূহত লকডাউন বৃদ্ধি কৰাৰ কথা কোৱা হৈছিল। ৰেড জন চিহ্নিত কৰাৰ পদ্ধতি তেতিয়ালৈকে সংশোধন কৰা হৈছিল। কেন্দ্ৰই ইয়াৰ বাবে চাৰিটা মাপদণ্ড ব্যৱহাৰ কৰাৰ কথা কৈছিল। ইয়াৰে দুটা হৈছে সংক্ৰমণৰ সংখ্যা আৰু দ্বিগুণ হোৱাৰ হাৰ। এয়াও আইচিএমআৰৰ বিসংগতিপূৰ্ণ ডাটাবেছৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৰা হৈছিল।
(ICMR’s 29 April presentation sets its database as the “single source of truth”)
আইচিএমআৰে ৰাজ্যসমূহক এপ্ৰিলৰ শেষৰ ফালে মুকলি কৰা RT-PCR নামৰ নতুন এপবিধো ডাটাবেছ আপলোড কৰাৰ সময়ত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল। হঠাতে এনেদৰে মেনুৱেল ডাটা এণ্ট্ৰিৰ পৰিৱৰ্তে এপৰ জৰিয়তে কৰিবলৈ কোৱাত ক্ষেত্ৰভিত্তিক তথ্য সংগ্ৰহত যথেষ্ট জটিলতা আহি পৰা বুলি জনাইছে ৩ খনকৈ ৰাজ্যৰ শীৰ্ষ বিষয়াসকলে।
আনহাতে ৰাজ্য চৰকাৰৰ বিষয়া, লেবোৰেটৰী আৰু চিকিৎসকসকলৰ মাজৰ যোগসূত্ৰতো পৰিলক্ষিত হৈছে একাধিক দোমোজা। উদাহৰণ হিচাপে দুখনকৈ ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে প্ৰশ্ন কৰিছে যে প্ৰটেকটিভ গিয়েৰ পৰিধান কৰি ফোনেৰে তেওঁলোকে কেনেকৈ এপৰ জৰিয়তে ডাটা এণ্ট্ৰি কৰিব? আশ্চৰ্যজনকভাৱে এপ মুকলি কৰাৰ পিছতে আইচিএমআৰে ডাটা ইনপুট কৰা পদ্ধতিৰো একাধিক সালসলনি ঘটাইছে।
(Slide from training material for RT-PCR app introduced by govt. in April and made mandatory in May to fill data on testing)
(Communication received by state government from a joint secretary of the Union health ministry, making a mobile app, instead of a paper form, mandatory by May 8 to enter Covid-19 testing data.)
(Training material sent to states by the Union health ministry on 7 May, revising protocols for data management)
"পিছলৈ আইচিএমআৰে ৰাজ্যসমূহক প্ৰয়োজনত তথ্যৰ বিসংগতি শুদ্ধ কৰিবলৈ অনুমতি দিছে। এয়া প্ৰথম দিনৰ পৰাই কৰিব লাগিছিল। এনে কৰিলে ডাটাৰ বিসংগতি হ্ৰাস পালেহেতেন আৰু বিশ্বাসযোগ্য হলহেতেন। "-এইদৰে কয় এখন ৰাজ্যৰ এগৰাকী চৰকাৰী বিষয়াই।
১০মেলৈকে ৩খনকৈ সুবিশাল ৰাজ্যই তথ্যসমূহ আপডেট, শুদ্ধ আৰু পুনৰীক্ষণ কৰিব পৰা নাই। Article 14 -এ আৰু বাকী ৰাজ্য সমূহে কৰিব পাৰিছে নে নাই সেয়া নিশ্চিত কৰিব পৰা নাই। "তথ্যৰ বিশুদ্ধতা অপৰিহাৰ্য, আমি সেয়া বুজি পাও। কিন্তু ইয়াৰ সৈতে জড়িত হৈ থকা কৰ্মচাৰীসকলক সালসলনি হৈ থকা প্ৰটোকল, নিয়ম আদি সম্পৰ্কে বাৰম্বাৰ প্ৰশিক্ষণ প্ৰদান কৰি থকাতো সম্ভৱ নহয়।"-বিষয়াগৰাকীয়ে কয়।
ইফালে, ১২ মেত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে ১৭ মেৰ পিছত লকডাউন কোন কোন জিলাত কঠোৰ কৰা হব আৰু কত শিথিল কৰা হব, কেনেধৰণে কৰা হব সেই সম্পৰ্কে সবিশেষ জনাব। এয়া নিশ্চিত যে এই সিদ্ধান্তও আইচিএমআৰৰ ডাটাবেছৰ ওপৰত ভিত্তি কৰিয়েই কৰা হৈছে।
___
Series concluded. You can read the first part here.
The English version of this series has been published by Article14. It can be read at www.Article-14.com: https://www.article-14.com/post/flawed-covid-19-database-source-of-decis...)
Add new comment