Skip to content Skip to navigation

COVID19 a money making malady!

Guwahati: COVID19 might have killed 50 people in Assam apart from infecting 20,000 others. 

But the killer virus gives field day for a group of contractors, suppliers, and government officers. 

This was what Assam Public Works has said.

In a letter to chief minister Sarbananda Sonowal,  APW president Aabhijit Sarma has elaborated a number of allegations to probe that it's an occasion to make money for a section of people. 

But is it possible without any political patronage? 

প্রেছ বিজ্ঞপ্তি

Kind Attention  মূখ্যমন্ত্ৰী মহোদয় (দুই)

মহাশয়,  সন্মানসহকাৰে আপোনাক জনাও যে ৰাজ্যত কোভিডৰ নামত একাংশ ঠিকাদাৰে বিভিন্ন বিভাগত চলাই থকা মুকলি লুণ্ঠনৰ বিষয়টো দৃষ্টিগোচৰ কৰি ইয়াৰ পূৰ্বেও এখন মুকলি চিঠি আমি আপোনালৈ লিখিছিলো। আপোনাৰ তৰফৰ পৰা এই বিষয়ত কোনো সুদুত্তৰ নাপায় আজি এইখন দ্বিতীয় চিঠি আপোনালৈ লিখিবলৈ ওলাইছো। 

মহাশয়,  পোনপ্ৰথমে আমি আপোনাক জনাও যে চৰকাৰৰ তৰফৰ পৰা ইমানবোৰ ব্যৱস্হা লোৱাৰ পাচতো ৰাজ্যত নৱজাতকৰ মৃত্যুৰ হাৰ অন্য ৰাজ্যতকৈ বেছি।  ইয়াৰ আৰত আছে দুই নম্বৰী ঔষধৰ  ৰমৰমীয়া ব্যৱসায় চলোৱা এজন ঔষধ মাফিয়া।  এই মাফিয়াজনৰ সতে ৰাজ্যৰ স্বাস্হ্য বিভাগৰ বৰমুৰীয়া সকলৰ থকা সনা পিতিকাৰ বাবেই যাৱতীয় সকলো ব্যৱস্হা গ্ৰহণ কৰাৰ পাছতো নৱজাতকৰ মৃত্যুৰ হাৰ কমোৱাত আপোনাৰ চৰকাৰ বাৰে বাৰে বিফল হৈছে। এই বিষয়ে আজি কিছুদিন আগেয়ে অসমীয়া প্ৰতিদিন কাকতৰ পৰিপুৰিকা সাদিন ত এক বিস্তৃত্ব প্ৰতিবেদন প্রকাশ পাইছে। ইয়াৰ উপৰিও দেওৰা উপাধিৰ এজন একেই মানবতাহীন মাফিয়াই যোগান ধৰা বেক্টেৰিয়া লাগি থকা প্ৰসূতি ডেলিভাৰী কীটৰ প্ৰভাব নবজাতকৰ মৃত্যুৰ সতে জড়িত আছে বুলি অভিযোগ আছে। এইটো এটা এনেকুৱা ঠিকাদাৰৰ দল যাৰ লুণ্ঠন বিগত কংগ্রেছৰ আমোলতো সেই একেই মাত্ৰাত চলিছিল যি মাত্ৰাত আপোনাৰ দিনতো চলি আছে, তথা ইয়াৰ আৰত আপোনাৰ চৰকাৰক শলঠেকত পেলোৱাৰ এক ষড়যন্ত্ৰও লুকাই আছে। 

মহাশয়,  জনৈক "ধানুকা" উপাধিৰ একেজন মাফিয়াৰ ছত্রছায়াত কেইজন মান মানবতাহীন এটি মাফিয়াৰ দলে বিভাগীয় মন্ত্ৰীৰ অগোচৰে কোভিডৰ মোকাবিলাৰ বিভিন্ন ঠিকা ঠাকুলিৰ এক বৃহৎ ছিণ্ডিকেট গা কৰি উঠিছে।  এই ছিণ্ডিকেটত বিভাগীয় বৰমুৰীয়া সকল এনে ভাবে জড়িত হৈ পৰিছে যে কোভিডৰ নামত অসমখনকেই যেন দুভাগ কৰি পেলাইছে।  এভাগত আছে কোভিডৰ আতংকত আতংকিত সকলো ৰাইজ আৰু আন ভাগত আছে মুষ্টিমেয় এন এইচ এম ৰ বিষয়া আৰু সেই ড্ৰাগ মাফিয়াকেইজনৰ চিণ্ডিকেট।  এই চিণ্ডিকেটৰ বাবে  কোভিড এক উৎসৱ আৰু কোভিডৰ বিভিন্ন ঠিকা উক্ত মাফিয়াকেইজনৰ যিকোনো প্রকাৰে আদায় দিয়াটো দুই পক্ষৰ ধন ঘটাৰ আহিলা। 

মহাশয়,  এয়া এক কৌটি দুই কৌটি টকাৰ কাৰবাৰ নহয়!  উক্ত ঠিকাদাৰকেইজনৰ বাবে কোভিড হৈ পৰিছে এক দীর্ঘম্যদী ধন লুটাৰ আচনি।  কোভিডে আমাৰ দৰে খাতিখোৱা জনতাক যিমানেই দুৰ্ভোগ ভুগাইছে সিমানেই উক্ত মাফিয়াজনৰবাবে কোভিড বাৰেৰহণীয়া উৎসৱ হৈ পৰিছে।  অৱশ্য এনে নহয় যে অকল সেইজন মাফিয়াৰ বাবেই কোভিড উৎসৱ হৈ পৰিছে।  একেটা দলৰে আশিষধন্য কেইজনমান মুষ্টিমেয় ঠিকাদাৰৰ বাবেও কোভিড এক উৎসৱত পৰিণত হৈছে।  প্রতিজন এনে মাফিয়াৰ প্রতিটো তথ্য এজন এজনকৈ আমি ফাদিল কৰিম।  যদি এনে তেজপিয়া সকলৰ বিৰূদ্ধে বিহীত ব্যৱস্হা লবলৈ আপুনি অপাৰগ তেন্তে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আনুষ্ঠানিকভাৱে সকলো তথ্য প্রদান কৰিবলৈ বাধ্য হম।  

মহাশয়,  আমি শূণ্যত গদা ঘুৰাই সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ দৌৰত নাই। মাত্র দুখন মান এনে ফার্মৰ নাম অতীত আৰু বর্তমানৰ কাম কাজৰ এক বিশ্লেষণ এক নির্ভৰযোগ্য সংস্হাৰ হতুৱাই কৰিলেই বহু কথা পোহৰলৈ আহিব!

মহাশয়,  আপুনি তদন্ত কৰক,  পি পি ই কীট, ট্রিপল লেয়াৰ এন ৯৫ মাক্সকে ধৰি ছটা আইটেমৰ প্ৰায় এসত্তৰ কৌটি টকীয়া ঠিকাত দুশ পচানব্বৈ টা পাৰ্টিয়ে অংশ ললে যত মফটলাল, এপল' ইণ্টাৰনে্শ্যনেলৰ দৰে আন্তৰাষ্ট্ৰীয় পার্টিয়ে অংশ লোৱাৰ পাচতো চিভিচি গাইডলাইন আৰু জি এফ আৰ গাইডলাইন অমান্য কৰি কাক ৱর্ক অর্ডাৰ দিয়া হল সেয়া অনলাইন আপলোড নকৰিলে যাৰ বাবে সাধাৰণ জনতাই গমেই নাপালে কাম কাক দিয়া হল,  যিটোত কেগৰ নিয়ম ৰাজহুৱা ক্ৰয় প্রক্রিয়া দেখ দেখ অমান্য কৰা হৈছে।  কিয়?  কোন ঠিকাদাৰৰ বাবে? 

মহাশয়,  মেলাথিন ৫০% ঘনত্বৰ যোগানৰ নিবিদাত কি কি অনিয়ম হৈছে এবাৰ তদন্ত কৰক।  উক্ত ৰাসায়নিক পদাৰ্থ বিধ ৫০ % ঘনত্ব আৰু ৯৫% শতাংশ বিশুদ্ধতাত কত উৎপন্ন হয় তদন্ত কৰাওক।  লগতে এইবিধ সামগ্রীৰ ঠিকা কাক দিয়া হল কি প্রক্রিয়াৰ  দ্বাৰা  দিয়া হল তদন্ত কৰিলেই সকলো ওলাব।  লগতে এইটোও তদন্ত কৰক,  এই নিবিদাৰ ৱর্ক অর্ডাৰ কপি আজিলৈ কিয় অনলাইনত উপলব্ধ নহল,  যিটো চি ভি চি গাইডলাইনৰ লগতে জি এফ আৰ গাইডলাইনৰ দেখ দেখ অৱমাননা। 

মহাশয়,  এই প্ৰায় দুই কৌটি উনত্রিশ লাখৰ ১০% ছডিয়াম হাইপক্লৰাইড চলুশ্যন আৰু মেলাথিয়ন ৫০ - ৫৫% ঘনত্ব যোগানৰ নিবিদা আহ্বান কৰা হৈছে যত এই সমীকৰণৰ ঔষধৰ বিতৰণ পৃথিৱী বহু দেশত বাধা প্ৰদান কৰি থোৱা হৈছে ( দিল্লী,  মধ্যপ্ৰদেশকে ধৰি) , এই নিবিদাত চক্রান্তমুলক চর্ত আৰোপ কৰিয়েই অন্য পার্টিক নিবিদাত অংশ গ্রহণৰ পৰা বিৰত ৰাখি সেই একেটা ড্ৰাগ মাফিয়াক ৰঙা দলিছা পাৰি দিয়া হৈছে । আমাৰ সন্দেহ এই প্রক্রিয়াটোতো জালিয়াতি আছে।  লগতে আমি ইয়াকো কও এই সম্পর্কত বিভাগীয় স্পষ্টীকৰণ দিলেই আপোনাক ৰাজহুৱাকৈ এই কাৰচাজিত জড়িত এন এইচ এমৰ বিষয়ববীয়াৰ নাম  পৰৱর্তী সময়ত জনাই দিম। বজৰং  , আগাম  ,  প্ৰগ্ৰেছিভ  আৰু ঘনশ্যাম নামৰ এই ফার্ম বোৰে এইবোৰ নিবিদাত কি  ভুমিকা লৈছে,  বিভাগে এখনৰ পিচত আনখন কৰিগেণ্ডাম কিয় জাৰী কৰিব লগীয়া হল,  সেয়া তদন্ত কৰক মূখ্যমন্ত্ৰী মহোদয়। 

মহাশয়,  Essential Drugs,  consumables,  hand rubs আদি যোগানৰ প্ৰায় বিশ কৌটি সাতানব্বৈ লাখৰ নিবিদাত একেজন মানুহৰ দুখন ফাৰ্ম ভাগ লৈ কেনেকৈ নিজেই নিজৰ প্ৰতিযোগী হব পাৰে যিটো চিভিচি গাইডলাইনৰ প্ৰত্যক্ষ পৰিপন্হী,  তাকো ৰাজহুৱা কৰা দৰকাৰ । তাতোকৈ ডাঙৰ কথা, এই নিবিদা আহ্বান কৰোতেই চর্তাবলীৰ ক্ষেত্রত ওপৰত উল্লেখ কৰা ড্রাগ মাফিয়াজনৰ পক্ষত সম্ভব হোৱাকৈ সকলো ব্যৱস্হা কৰা হৈছে, বিভাগীয় বিষয়ববীয়াৰ সনা পিতিকা অবিহনে এয়া অসম্ভৱ । প্রয়োজন হলে আপোনাক এই সম্পৰ্কে বিষদভাৱে তথ্য প্রমাণসহ বুজাই দিম জালিয়াতি কেনেকৈ কত কোনে কৰিছে।  সকলো তথ্য আমাৰ হাতত মজুত আছে। 

মহাশয়, আটাইতকৈ ডাঙৰ কথা,  এই সমুহ ৱর্ক অর্ডাৰ বিভাগীয় ৱেবচাইটত আৰু অসম চৰকাৰৰ ই টেণ্ডাৰিং পৰ্টেলত আজিলৈ কিয় আপলোড নহল সেয়া ডাঙৰ প্ৰশ্নবোধক।  বিভাগীয় মন্ত্রীক অন্ধকাৰত ৰাখি বৰমুৰীয়া আৰু ঠিকাদাৰৰ হাতোৰাত এইবোৰ চলি আছে।  এইবোৰৰ আৰত আনকি কোভিড দীর্ঘম্যদী হলে দীর্ঘম্যদী ঠিকাৰ অংক জড়িত আছে। লগতে যদি এতিয়ালৈ ওপৰত উল্লেখ কৰা সামগ্ৰীবোৰৰ ৱর্ক অর্ডাৰ দিয়া হোৱাই নাই তেন্তে বর্তমান ৰোগীৰ চিকিৎসাত বা অন্যন্য কামত এইসমূহ সামগ্রী যে ব্যৱহাৰ হৈ আছে সেইবোৰ কোনে যোগান ধৰি আছে? নে ইয়াৰ আৰত বেক ডেটেড অর্ডাৰ ইছ্যু কৰাৰ ষড়যন্ত্ৰ চলিছে আমি আপোনাক সুধিছো মহোদয়। 

মহাশয়,  লাখ লাখ মানুহক অন্ধকাৰত ৰাখি এনেকৈ কোনো জনৈক ধানুকা, কি কি,  জৈন, দেওৰা, যাযোদিয়া , বাৰ্মা, কংগ্রেছৰ দিনৰ জনসংযোগ কেলেংকাৰীৰ নায়ক বৰা, এজন বহুবিতর্কিত এ চি এছ  বিষয়াৰ পত্নী , জি আৰ দি,  ঘনশ্যাম আদিৰ বাবে বিধে বিধে কৌটি কৌটি টকাৰ দুই নম্বৰী অংক কৰি কোভিডৰ নামত বেপাৰ চলোৱা অংকক আমি গৰিহণা দিছো লগতে ইনকাম টেক্স ত সকাহ পোৱাৰ অংকত কৌটি কৌটি টকা আৰোগ্য নিধিত দান দি  বিভাগীয় ঠিকা ঠাকুলিত ছিণ্ডিকেট চলাই কোভিডৰ ৰণ জিকিবলৈ বা জীয়াই ৰাখিবলৈ চলি থকা ষড়যন্ত্ৰক আমি গৰিহণা দিছো লগতে উচ্চ পর্যায়ৰ তদন্তৰ দাবী জনাইছো। এইক্ষেত্রত এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে আদায় দিয়া প্ৰায় ৬৩০ কৌটি টকা আৰু ভৱিষ্যতে দিবলগীয়া তেনে বিয়াগোম ৰাশিক লৈ সর্বসাধাৰণৰ মুৰৰ ওপৰেদি যোৱা কোভিডৰ এক ভয়ানক অংক ও সকলো খেলিমেলিৰ আৰত কেলেংকাৰীৰ কাৰক হৈ আছে। 

মহোদয়,  আপুনি আনৰ ভৰি চুই সেৱা কৰাটোকে অন্য অৰ্থত প্রকাশৰ উদ্দেশ্যে আগৰ এজন মুখ্যমন্ত্ৰীৰ লগত লগ লাগি হৰ্ডিং বনোৱাৰ অংক কৰি তথা আগৰ চৰকাৰৰ দিনত জনসংযোগৰ বিয়াগোম কেলেংকাৰীত জড়িত জনৈক ৰাজীৱৰ নিচিনা এজন দাগী মানুহক আপোনাৰ আমোলত এন এইচ এমত ৰঙা দলিচা পৰাৰ আৰত কি আছে? খাদ্য টেণ্টৰ যোগানত জড়িত এজন ব্যৱসায়ী কি কি কেলেংকাৰীত কেনেকৈ জড়িত হৈ কিমান লুণ্ঠন চলাইছিল আৰু আপোনাৰ দিনতো কেনেকৈ কত কত কি কি কৰি আছে সেই "কিকি" ৰ বিষদ তথ্য আপুনি বিচাৰিলেই আমি দিবলৈ সাজু হৈ আছো।  আপুনি মাথো কথাবোৰ গুৰুত্ব দিয়ক।  

মহাশয়,  কোভিডৰ আৰৰ অনিয়ম সংক্ৰান্তত  এইখন আপোনালৈ আমাৰ দ্বিতীয় চিঠি।  ইয়াৰ পাচতো আমি আমাৰ সামর্থ্যৰে যুজ চলাই যাম। আশাকৰো তাৰ আগতেই আপোনাৰ পৰা আমি বিচৰা সূদুত্তৰ লাভ কৰিম। 

বিনীত

আভিজিৎ শৰ্মা,  সভাপতি
ধ্রুৱজ্যোতি তালুকদাৰ,  সাধাৰণ সম্পাদক 
এ পি ডব্লিউ

Add new comment

Other Contents by Author

A tense situation unfolded at Gauhati University today as students staged a fierce protest against the alleged misbehavior of the university’s examination controller. The demonstration escalated when Vice-Chancellor Dr. Nani Gopal Mahanta, instead of calming the students, was seen sitting on the ground and shouting, “Hit me, hit me!” in a dramatic display of defiance. This behavior further provoked the students, intensifying the unrest on campus. According to sources, the protest erupted after Examination Controller Kandarpa Sharma reportedly mistreated a section of students earlier today, sparking outrage among the Postgraduate Students’ Union (PGSU). During the agitation, the Vice-...
Dilwar Hussain Mazumdar, a journalist associated with a local digital media outlet, has been re-arrested by the Guwahati Police from Central Jail and taken to the Panbazar Police Station. This is in connection with Case No. 111/25, where multiple charges have been filed under sections 329, 324(4), 351(3), 309(4), and 115 of the Indian Penal Code. Notably, Section 309(4) is non-bailable, carrying a potential sentence of up to 10 years if convicted. Additionally, a robbery case has been filed against him for allegedly fleeing with crucial documents from the Assam Co-operative Apex Bank. On March 25, the bank authorities lodged two FIRs, but initially, only one was disclosed by the police....
The state of Assam's healthcare system has come under intense scrutiny following a tragic incident in Nagaon, where a father lost his daughter due to alleged medical negligence. Dr. Surajit Kumar Bhagwat, a spokesperson for Nagaon Medical College, has filed a complaint with the Human Rights Commission after his 21-year-old daughter, Angana Bhardwaj, passed away due to a lack of timely medical care. On December 16, 2024, Angana suddenly fell ill and lost consciousness. Dr. Bhagwat rushed her to a private clinic, Kapili Nursing Home in Nagaon, where treatment was started immediately. However, her condition worsened rapidly, and the clinic, lacking essential emergency equipment like an ECG...
After being released on bail, Meghalaya Chief Minister Conrad Sangma met Mahbubul Haque, the Vice-Chancellor of the University of Science and Technology Meghalaya (USTM), at the Chief Minister's residence. This was the first meeting of Sangma after his release from custody. During their meeting, it is reported that the Assam Chief Minister, Himanta Biswa Sarma, discussed the use of unethical methods in examinations. Following the meeting, Haque described the discussion as "important and insightful," noting that the Chief Minister had provided valuable advice. After spending nearly a month in custody, Haque expressed his intention to focus on the education sector at USTM. He emphasized...
In a significant development, six developed countries have imposed travel restrictions on Assam and Northeast India, citing concerns over the region's law and order situation. The countries include the United States, the United Kingdom, Australia, New Zealand, Canada, and Switzerland. This alarming information was shared by Assam's Tourism Minister, Ranjit Kumar Das, in response to a query by Congress MLA Rekibuddin Ahmed during the Assam Legislative Assembly session on Tuesday. According to the Minister, the decision to impose the ban is primarily due to concerns over the law and order situation in the region. However, he assured that efforts are underway, in coordination with the...
Diabetes is a condition that affects millions, often leaving people tethered to medications and strict blood sugar monitoring for life. At its core, diabetes occurs when the body struggles to transport glucose into muscle cells, leading to elevated blood sugar levels. This can result in serious complications like nerve damage, vision loss, and kidney failure. While conventional treatments focus on controlling blood sugar, a growing movement argues that Type 2 diabetes—the most common form—can be reversed, not just managed. By addressing the root cause, insulin resistance, through diet and fasting, it’s possible to break free from the cycle of medication and reclaim your health....
Senior journalist Dilwar Hussain Mazumdar was granted bail on Wednesday after being arrested under the SC/ST (Prevention of Atrocities) Act. The Chief Judicial Magistrate (Kamrup) granted the bail, and Mazumdar is expected to be released on Thursday after furnishing the required bonds. Mazumdar was detained late on March 25 after questioning Assam Cooperative Apex Bank’s Managing Director, Dambaru Saikia, during a protest against alleged financial irregularities. His arrest, based on allegations of abusing a security guard, sparked widespread condemnation, with media organizations and opposition parties accusing the BJP-led government of suppressing dissent. Journalists staged...
The Congress party has alleged that an "undeclared emergency" is prevailing in Assam under Chief Minister Himanta Biswa Sarma's government. Speaking at a press conference at Rajiv Bhavan in Guwahati, AICC Secretary in charge of Assam, Manoj Chauhan, accused the Chief Minister of suppressing constitutional rights and using police forces to target journalists, MPs, and opposition leaders. Chauhan stated that the Congress party will launch a public movement against the oppression and alleged that Sarma has been exerting pressure on all sections of society. “In his obsession with power, the Chief Minister is violating basic rights. The more he tries to suppress dissent, the stronger the...
The Assam Police have arrested senior digital media journalist Dilwar Hussain Mazumdar in Guwahati’s Panbazar, triggering widespread criticism. Allegations suggest that he was arrested after attempting to question Assam Co-operative Apex Bank’s Managing Director Dambaru Saikia regarding a multi-crore recruitment scam. Sequence of Events: The National Youth Power, a youth wing associated with the Assam Jatiya Parishad (AJP),** was protesting against the alleged scam in the bank. Journalist Dilwar Hussain Mazumdar arrived at the bank premises to cover the protest. He attempted to question the bank’s Managing Director about the scam. Later, the police summoned him to the...
Assam actively participated in Earth Hour 2025 on Saturday, March 22, by switching off non-essential lights from 8:30 p.m. to 9:30 p.m., aligning with the global movement for environmental awareness. The event, organized by WWF-India in collaboration with local partners, also emphasized the importance of water conservation under the theme #BeWaterWise, marking the convergence of Earth Hour with World Water Day. Prominent landmarks across the state, including the Assam Legislative Assembly, Gauhati High Court, Chief Minister’s Secretariat in Dibrugarh, and historical sites like Rang Ghar, Kareng Ghar, and Charaideo Maidam, participated in the symbolic switch-off. In Guwahati, notable...