চৌদিশে পোহাৰ মেলা বৌদ্ধিক বেপাৰীৰ সন্ত্ৰাসে গোটেই বিশ্বকে বিয়াপি ধৰিছে। এই বৌদ্ধিক বেপাৰী সকলৰ মূল অস্ত্ৰ হ'ল কলম আৰু সন্ত্ৰাসৰ উপজীৱ্য হ'ল গণমাধ্যম সমূহ। বৌদ্ধিক সন্ত্ৰাসবাদী সকলে ইতিহাসক নিজৰ স্বাৰ্থৰে সৃষ্টি কৰে আৰু আমাৰ মাজত ধৰ্ম,ভাষা আৰু অপসংস্কৃতিৰ দ্বাৰা আক্ৰমণ কৰে। আমাৰ মাজত বিচ্ছিন্নতাৰ সৃষ্টি কৰি তেওঁলোকে সুখ অনুভৱ কৰে। তেওঁলোকে নিজক বিভিন্ন সময়ত স্থান কাল পাত্ৰ অনুসৰি বিভিন্ন ধৰণে সলনি কৰি লয়। তেওঁলোকে কয় এটা কৰে এটা। মুখত অমৃত ভিতৰত গৰল পুহি, তেওঁলোকে জানো,বিলাব পাৰে প্ৰেমময় অমৃত,মানৱতাৰ আমোঘ বাণী। তেওঁলোকে কোনো মানুহকে হিংসাত বাহিৰে একো দিব নোৱাৰে।
এই বিচ্ছিন্নতাবাদী সকলৰ সহজাত চৰিত্ৰ হ'ল যিকোনো এটা ধৰ্মৰ বিপক্ষে বা সপক্ষে মতাবাদ আগবঢ়াই,তেওঁলোকৰ মাজত হিংসাৰ বীজ কৰ্ষণ কৰা। তেওঁলোকে আমাৰ মাজৰ সাতামপুৰুষীয়া একতাক অহৰহ চেষ্টা কৰে। যিকোনো ধৰ্মৰে চোলা এটি পিন্ধি সিহঁতে মানৱতাক ধ্বংস কৰিবলৈ সদায় চেষ্টা কৰে। বৌদ্ধিক সন্ত্ৰাসবাদ বিয়পোৱা বেপাৰী সকলৰ অধিকাংশই শিক্ষিত। কিন্তু তেওঁলোক বল্কল পিন্ধা অসভ্য সকলৰো তুলনাৰ অযোগ্য। তেওঁলোকৰ পৰা ঠগ প্ৰবঞ্চনাত বাহিৰে আন একোৱেই নাই। এই লোক সকল সমাজ,দেশ,বিশ্বৰ বাবে মাৰাত্মক ৰোগ । সুবিধাবাদী এই সন্ত্ৰাসবাদী সকলৰ সুবিধাবাদেই মূল লক্ষ্য। ডিঙিত গামোচা আৰু ফুলৰ মালা লৈ এওঁলোকে কয় এটা কৰে এটা। যিমানে সাক্ষৰতাৰ হাৰ কমে ,অন্ধবিশ্বাসেৰে যিমানেই বিশ্ব অন্ধকাৰাচ্ছন্নহৈ থাকে তেওঁলোকে সিমানেই সুবিধা লয়। অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে গণহত্যা কৰে,কিন্তু বৌদ্ধিক সন্ত্ৰাসবাদীয়ে জনতাৰ সমাজএখনকেই অজগৰ সাপৰ দৰে ক্ৰমান্বয়ে গ্ৰাস কৰে।
অতি সম্প্ৰীতি, ফেচবুকত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,গল্পকাৰ,ঔপন্যাসিক,নাট্যকাৰ তথা কবি পদ্মশ্ৰী বঁটা প্ৰাপক চৈয়দ আব্দুল মালিকদেৱৰ " মই অসমীয়া " নামৰ কবিতাৰ একাংশকলৈ ফেচবুকত তুমুল বিতৰ্ক দেখা গৈছে। এই বিতৰ্কৰ আৰম্ভণি কৰিছে একাংশ শিক্ষিত বৌদ্ধিক বিচ্ছিন্নতাবাদীয়ে। কবিতাটোৰ আৰম্ভণি অংশটো আমি তলত উল্লেখ কৰিলোঁ---
সুদুৰ পশ্চিম এৰি
এৰি থৈ স্বপ্নপুৰী ৰাজঅন্তঃপুৰ
বিজয় সপোন দেখি আহিলোঁ যিদিনা
উজনি সোঁতত মেলি ভটিয়নি ভূৰ
বিজয়ৰ তৃষা লৈ গৌৰৱৰ কৰি অভিধান
লুইত পাৰত গাঁলো দিপ্ত উচ্ছাসত
আপোনাৰ বিজয়ৰ গান ৷
ভৰি দিলোঁ - অসমৰ সেউজীয়া দুবৰি বনত-
সেই দিন - যিদিনা অসম-ৰাজ অসমৰ সিংহ-অসমত ৷
বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন,
প্ৰান্তে প্ৰান্তে বাজে মাথোঁ গৌৰৱৰ, বিজয়ৰ
মুক্তগীত বিৰাম বিহীন ৷
সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল
মোগলৰ বিজয়ী শকতি,
দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি ৷
অসমৰ মজিয়াত মশ্লেমৰ মুক্তৰাজ কৰিম থাপনা,
অসম আমাৰ হ’ব, কামৰূপ হ’ব মোগলৰ
কায়মনে কৰিলোঁ কামনা ৷
(মই অসমীয়াঃ চৈ আ ম)
ওপৰৰ সেই অংশটো কবিতাটোৰ আৰম্ভণিৰ একাংশহে। কবিতাটো মোগলে অসমলৈ অহাৰ সময়ত তেওঁলোকৰ মনোভাব কেনেকুৱা আছিল তাকেই প্ৰকাশ কৰিছে। কিন্তু এই একাংশ কবিতাকে কবি গৰাকীৰ মনৰ ভাব বুলি প্ৰচাৰ কৰি ,বিশিষ্ট সাহিত্যিক গৰাকীক অপমানিত কৰিলে। ১৯৪২ চনৰ বাঁহীত প্ৰকাশ পোৱা এই কবিতাটোৰ কবি চৈয়দ আব্দুল মালিকদেৱৰ ,সেই সময়ত বয়স মাত্ৰ বিশ কি একৈশ বছৰ। গোটেই কবিতাটোত অসম আৰু অসমীয়াৰ বন্দনাৰে ভৰপূৰ। কিন্তু প্ৰপঞ্চক সকলে তেখেতক মোগলৰ বন্দনা গোৱা এগৰাকী কবি বুলি প্ৰত্যায়িত কৰিব বিচাৰিছিল। গণমাধ্যমত সপেক্ষে বিপক্ষে বহুত আলোচনা হ'ল। কিন্তু সচেতন অসমীয়াৰ সন্মুখত কোনোবা অপশক্তিয়ে জানো আঘাত কৰিব পাৰে। লগে লগেই বিষয়টোক লৈ একাংশ সচেতন লোকৰ দৃষ্টিগোচৰ হোৱাত,তেওঁলোকৰ তীক্ষ্ণ সমালোচনাত বিচ্ছিন্নতাবাদী সকল মৌনহৈ পৰিল। যুদ্ধক্ষেত্ৰৰ পৰা তেওঁলোকে পলায়ণ কৰিলে।
কিন্তু,কথাটো ,ইমানতেই জানো অন্ত হ'ব। এনেকৈ বাৰু কিমান দিন এই সমাজখন চলিব। সাম্প্ৰতিক সময়ত অসমত নিৰপেক্ষ সমাজ বিশ্লেষকৰ অভাব হোৱা অনুভৱ কৰিছোঁ। ফেচবুক বা আন গণমাধ্যম সমূহো নিৰপেক্ষ নহয়। আনহাতে নিৰপেক্ষ ব্যক্তিয়ো তেনেই নগণ্য। তাৰো বেছিভাগেই আকৌ আত্মপক্ষ সমৰ্থনত ব্যস্ত,আন এচামে মোক কোনোবাই বেয়া পাব নেকি এনেকৈ ক'লে-- এনেকৈ লিখিলে,এই ভাবত মৌন। কেতিয়াবা ধানতোকো পতান কৰে,পতানকো ধান। তিলতোকো তাল কৰা একাংশৰ মানসিকতাই সমগ্ৰ মানৱজাতিৰ বাবে অভিশাপ হৈ পৰিছে। ভুল হ'লেও যিটো বিষয়ত গণতান্ত্ৰিক সমৰ্থন বেছি ,তাতেই একাংশই অন্ধভাৱে সমৰ্থন কৰাৰ ফলত সমাজত অবিশ্বাসে আৱৰি ধৰিছে। আমাৰ জ্বলন্ত সমস্যা সমূহ,এই ধামখুমীয়াত টুপাইবুৰ মাৰিছে,আৰু সুবিধাবাদীৰ চৰিত্ৰ প্ৰকাশিত হৈছে। এই ধৰণৰ বিচ্ছিন্নতাবাদীয়ে অসমৰ একতাক বাৰ বাৰ আঘাত কৰাৰ প্ৰয়াস কৰি আছে। সিদিনাখনৰ মহাৰাষ্ট্ৰত নিষ্পাপ সাধু তিনিগৰাকীক একাংশ পশুতুল্য লোকে মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাটোক বহুতে সাম্প্ৰদায়িক ৰূপ দিলে,যাৰ বাবে এচামে এই কুকাৰ্য্যক ধিক্কাৰ দিয়াৰো সাহস নকৰিলে। তেনে মানসিকতাক ধিক্কাৰ দিওঁ, সেই সকলক ধিক্কাৰ দিওঁ, যিসকলৰ মানসিকতা পশুতকৈও নীচ। কিন্তু আমি তেনে সকলো সুবিধাবাদকেই প্ৰশ্ৰয় দিব নালাগিব। মানৱতাৰ স্বাৰ্থত আমি মাত মাতিবই লাগিব।
এনে বৌদ্ধিক সন্ত্ৰাসবাদ,বিচ্ছিন্নতাবাদ নাশ কৰিবলৈ একমাত্ৰ একতা আৰু একতাৰ বাহিৰে কোনো অস্ত্ৰ নাই বুলি ভাবোঁ। উত্তৰ পুৰুষে এনে বিচ্ছিন্নতাবাদী শক্তি সমূহক দমনকৰাৰ বাবে সদায় হাত উজান দিব লাগিব। আমি প্ৰতিজনেই অধ্যয়ন পিপাসু হ'ব লাগিব। সকলোৱে সকলোৰে প্ৰতি নৈতিক দায়বদ্ধতা পালন কৰিব লাগিব। বিশ্বপ্ৰেম আৰু একতাৰ যজ্ঞত সকলো অপশক্তি ধ্বংস হ'ব। আহক,আমি সকলো পাহৰি অসমীয়াহৈ জীয়াই থাকোঁ,সকলোলৈ তাকেই সন্মানেৰে অনুৰোধ জনালোঁ।
[Disclaimer: The opinions expressed within this article are the personal opinions of the author. The facts and opinions appearing in the article do not reflect the views of Assam Times and Assam Times does not assume any responsibility or liability for the same.]
Add new comment